গুৱাহাটী, ২৭ নৱেম্বৰ: অসমৰ কৰিমগঞ্জ জিলাৰ এজন যুৱকক গুজৰাটত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সৈতে সম্পৰ্ক থকা আৰু ৱডোদৰাৰ বায়ুসেনা ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰাৰ সন্দেহত গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখা চমুকৈ এটিএছে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱকজনক কৰিমগঞ্জৰ মহম্মদ শ্বাহৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। গুজৰাটৰ পঞ্চমহল জিলাৰ হালোল-ৱডোদৰা ঘাইপথৰ গোল্ডেন চকডীৰ সমীপত এটিএছৰ এটা দলে তেওঁক আটক কৰে। তেওঁৰ বেগৰ পৰা এটা এ কে-৪৭ সদৃশ স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰ, ২৩ জাঁই সজীৱ গুলী আৰু জইছ-ই-মহম্মদৰ এখন পতাকা উদ্ধাৰ কৰা বুলি তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে।

এটিএছৰ এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক হৰ্ষ উপাধ্যায়ৰ নেতৃত্বত এই অভিযান চলোৱা হয়। সংস্থাটোৰ ডিআইজি সুনীল যোশীয়ে জনোৱা মতে, অভিযুক্তই নিয়মীয়া ম’বাইল ফোন বন্ধ কৰি ৱডোদৰাত প্ৰৱেশ কৰিছিল আৰু চায়াজীগঞ্জ ৰে’ল ষ্টেচনৰ সমীপৰ এখন হোটেলত আশ্ৰয় লৈছিল। পাছত তেওঁ দাহোদৰ পৰা ৱডোদৰালৈ উভতি অহাৰ সময়ত পথ অৱৰোধ কৰি তেওঁক কৰায়ত্ত কৰা হয়।

তদন্তকাৰী দলৰ দাবী অনুসৰি, শ্বাহৰুলৰ ম’বাইল পৰীক্ষা কৰি ৱডোদৰা বায়ুসেনা ঘাটিৰ প্ৰৱেশদ্বাৰৰ কেইবাখনো ফটো আৰু ভিডিঅ’ৰ লগতে স্বয়ংক্ৰিয় ৰাইফল ব্যৱহাৰৰ এটা ভিডিঅ’ও উদ্ধাৰ কৰা হৈছে। তেওঁ পাকিস্তানভিত্তিক জইছ-ই-মহম্মদৰ হেণ্ডলাৰ মুফতি ৰফিক ওৰফে ইবন আব্দুল্লাৰ সৈতে প্ৰায় এবছৰ ধৰি যোগাযোগত আছিল বুলিও জানিব পৰা গৈছে। যাৱতীয় খৰচৰ বাবে হেণ্ডলাৰজনে তেওঁক ৫০ হাজাৰ টকা যোগান ধৰিছিল বুলি অভিযোগ উঠিছে।

প্ৰাথমিক তথ্য অনুসৰি, অভিযুক্তই প্ৰথমে অসমৰ পৰা ৰে’লেৰে মধ্যপ্ৰদেশৰ ভূপাললৈ গৈছিল আৰু তাৰ পৰা বাছেৰে গুজৰাটত উপস্থিত হৈছিল। বায়ুসেনা ঘাটিৰ তথ্য সংগ্ৰহৰ পাছত তেওঁ দাহোদলৈ গৈ অস্ত্ৰ সংগ্ৰহ কৰে আৰু পুনৰ ৱডোদৰালৈ উভতি অহাৰ পথতে এটিএছৰ হাতত পৰে। আক্ৰমণ সংঘটিত কৰাৰ পাছত তেওঁ পাকিস্তানলৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল নেকি, সেই দিশতো তদন্ত অব্যাহত আছে।

অভিযুক্তই পূৰ্বে অসমৰ এখন মাদ্ৰাছাত অধ্যয়ন কৰিছিল বুলি তথ্য পোৱা গৈছে। সম্প্ৰতি গুজৰাট এটিএছে এই ঘটনাৰ সৈতে জড়িত অন্য সহযোগী, অসমৰ যোগাযোগ আৰু অস্ত্ৰ সৰবৰাহ চক্ৰটোৰ বিষয়ে অনুসন্ধান চলাই আছে। অভিযুক্তৰ বিৰুদ্ধে ইউএপিএ আৰু ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।