ইম্ফল, ২৮ নৱেম্বৰ: মণিপুৰত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে ম্যানমাৰত বাহৰ পতা সশস্ত্ৰ সংগঠনৰ সম্ভাৱ্য সম্পৰ্ক সন্দৰ্ভত নতুনকৈ তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতে সংস্থাটোৱে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

ৰাজ্যখনত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ আঁৰত থকা এক বৃহৎ ষড়যন্ত্ৰ, গোপন বিত্তীয় লেনদেন আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক পোহৰলৈ অনাৰ উদ্দেশ্যে এই তদন্ত চলোৱা হৈছে।

এনআইএয়ে ৰুজু কৰা এজাহাৰ অনুসৰি, ম্যানমাৰত সক্ৰিয় কেইবাটাও জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ সৈতে নিষিদ্ধ ঘোষিত পিএলএ, প্ৰিপাক আৰু প্ৰিপাক-প্ৰগ্ৰেছিভৰ নেতা-কৰ্মীসকলৰ সম্পৰ্ক আছে। এই সংগঠনসমূহে ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে অস্ত্ৰ, গুলী-বাৰুদ আৰু বিস্ফোৰক যোগান ধৰাৰ উপৰি অবৈধ পথেৰে ধন সংগ্ৰহ তথা লেনদেন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

তদন্তকাৰী সংস্থাটোৱে এজাহাৰত উল্লেখ কৰা মতে, নিৰীহ সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰা হৈছিল। ইয়াৰ জৰিয়তে ৰাজ্যখনত জনগোষ্ঠীয় সংঘাত আৰু হিংসা বৃদ্ধি কৰি জনসাধাৰণৰ মাজত ত্ৰাস সৃষ্টি কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছে।

ইয়াৰ পূৰ্বেও ম্যানমাৰৰ সশস্ত্ৰ সংগঠনসমূহক প্ৰশিক্ষণ প্ৰদানৰ অভিযোগত এগৰাকী আমেৰিকাৰ নাগৰিক মেথিউ এৰন ভান ডাইক আৰু ছয়গৰাকী ইউক্ৰেইনৰ নাগৰিকৰ ভূমিকা সন্দৰ্ভত এনআইএয়ে তদন্ত চলাইছে। ভাৰতৰ পৰা অবৈধভাৱে ম্যানমাৰত প্ৰৱেশ কৰাৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে সাতোগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান ভান ডাইক জামিনত আছে।

২০২৩ চনৰ মে' মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হিংসাত্মক সংঘাত অব্যাহত আছে। এই সংঘাতত এতিয়ালৈকে কমেও ৩০৬ জন লোকে প্ৰাণ হেৰুৱাইছে, ৪৯ জন লোক সন্ধানহীন হৈ আছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।