ইম্ফল, ২৭ নৱেম্বৰ: মণিপুৰৰ তামেংলং আৰু ন’নে জিলাত যোৱা ছেপ্টেম্বৰ মাহত সন্দেহযুক্ত সশস্ত্ৰ উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সাতগৰাকী কুকি লোকৰ মৃতদেহ প্ৰায় দুমাহৰ পাছত শুকুৰবাৰে সমাধিস্থ কৰা হয়। নিহত সাতজনৰ ভিতৰত পাঁচগৰাকী মহিলা আছিল বুলি বিষয়াসকলে জনাইছে। প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, চুৰাচান্দপুৰ জিলা চিকিৎসালয়ৰ মৰ্গত প্ৰায় দুমাহ ধৰি মৃতদেহকেইটা ৰখা হৈছিল। শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ডি ভেইছন গাঁৱৰ এংলো-কুকি যুদ্ধ স্মাৰকস্থলীলৈ মৃতদেহকেইটা লৈ যোৱা হয় আৰু তাৰে এখন কবৰস্থানত শেষকৃত্য সম্পন্ন কৰা হয়। সমাধিস্থ কৰাৰ পূৰ্বে মৃতদেহকেইটা পৰম্পৰাগত জনজাতীয় শ্বলেৰে ঢাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই শেষকৃত্যত নিহতসকলৰ পৰিয়ালৰ সদস্যৰ লগতে বিভিন্ন নাগৰিক সমাজৰ সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। বিষয়াসকলে জনোৱা মতে, ছেপ্টেম্বৰ মাহত তামেংলং আৰু ন’নে জিলাত সশস্ত্ৰ উগ্ৰপন্থীয়ে এই লোকসকলক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ পাছতে মৃতদেহকেইটা চুৰাচান্দপুৰ জিলা চিকিৎসালয়লৈ অনা হৈছিল আৰু শুকুৰবাৰলৈকে মৰ্গতে সংৰক্ষণ কৰি ৰখা হৈছিল।
২০২৩ চনৰ মে' মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘাত অব্যাহত আছে। এই সংঘাতত এতিয়ালৈকে কমেও ৩০৬জন লোক নিহত হোৱাৰ লগতে ৪৯জন লোক সন্ধানহীন হৈ আছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।
আনহাতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা পাহাৰীয়া জিলাসমূহত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষত পৃথকভাৱে কমেও ৫০জন লোকৰ মৃত্যু হৈছে।