শ্বিলং, গুৱাহাটী: শ্বিলঙত ১৬ বছৰীয়া কিশোৰ একাংশ জিন্দালৰ ড্ৰাগছ সেৱনজনিত অস্বাভাৱিক মৃত্যুৰ ঘটনাত দাখিল কৰা চাৰ্জশ্বীটত এজন টিউচন শিক্ষকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। শ্বিলঙৰ জিলা আৰু সত্ৰ আদালতত দাখিল কৰা এই চাৰ্জশ্বীটত ছানী সিনহা, ৰাল্ফ নংগ্ৰুম আৰু ৰীতা খাৰশ্বীঙৰ নাম অভিযুক্ত হিচাপে সন্নিৱিষ্ট কৰা হৈছে।
অভিযোগ অনুসৰি, শিক্ষক ছানী সিনহাই প্ৰথমে একাংশ আৰু তেওঁৰ বন্ধুবৰ্গক ভাঙৰ সৈতে চিনাকি কৰাই দিছিল। পৰৱৰ্তী সময়ত তেওঁ কিশোৰসকলক ৰাল্ফ নংগ্ৰুমৰ সৈতে সংযোগ কৰাই দিয়ে, যাৰ যোগান ধৰা ড্ৰাগছেই একাংশৰ প্ৰাণ কাঢ়ি লয় বুলি অভিযোগ উঠিছে।
আনহাতে, ৰীতা খাৰশ্বীঙে এটা বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ চলাই থকাৰ অভিযোগ আছে, যাৰ এজেণ্ট আছিল নংগ্ৰুম। ঘটনাৰ দিনা খাৰশ্বীঙেই ড্ৰাগছখিনি যোগান ধৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। বৰ্তমান নংগ্ৰুম আৰু খাৰশ্বীং ন্যায়িক জিম্মাত থকাৰ বিপৰীতে শিক্ষক ছানী সিনহাক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইতিমধ্যে খাৰশ্বীঙে দাখিল কৰা জামিন আবেদন প্ৰত্যাহাৰ কৰাৰ পাছত আদালতে সেয়া খাৰিজ কৰে।
চাৰ্জশ্বীটখনত ভাৰতীয় ন্যায় সংহিতাৰ ১২৩ নম্বৰ ধাৰাৰ লগতে অপৰাধমূলক ষড়যন্ত্ৰ আৰু উচতনি যোগোৱাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। তেজপুৰৰ আছাম ভেলী স্কুলত দশম শ্ৰেণীৰ পৰীক্ষা দি শ্বিলঙৰ ঘৰলৈ ওভতা একাংশৰ যোৱা মাৰ্চ মাহৰ শেষৰফালে উমপ্লিঙ দলঙৰ ওচৰত ড্ৰাগছৰ অভাৰড'জৰ ফলত মৃত্যু হৈছিল।
এই সন্দৰ্ভত কিশোৰজনৰ ককাক ভি কে জিন্দালে গভীৰ উদ্বেগ প্ৰকাশ কৰি শিক্ষা প্ৰতিষ্ঠানৰ ওচৰত ড্ৰাগছ ব্যৱসায়ীয়ে জাল পেলোৱাৰ অভিযোগ তোলে। তেওঁ কয় যে নাবালকৰ সন্মতিয়ে অপৰাধীক ৰেহাই দিব নোৱাৰে। এই বৃহৎ চক্ৰটো উৎখাত কৰিবলৈ তেওঁ আৰক্ষীক বিস্তৃত তদন্তৰ আহ্বান জনায়। লগতে ১৩ৰ পৰা ১৬ বছৰ বয়সৰ কিশোৰসকলক লক্ষ্য কৰি লোৱা এই চক্ৰবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আৰু অভিভাৱকসকলক নিজৰ সন্তানৰ গতি-বিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ তেওঁ আহ্বান জনায়।