আগৰতলা, ২৭ নৱেম্বৰ: কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে পুৱাৰে পৰা আগৰতলা পৌৰ নিগমকে ধৰি ত্ৰিপুৰাৰ ১৬ খন পৌৰ সংস্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।

ৰাজ্যখনৰ ১৬ খন পৌৰ সংস্থাৰ মুঠ ২৬৮ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৭৩৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৫.৫৬ লাখ ভোটাৰে। ইয়াৰে ভিতৰত কেৱল আগৰতলা পৌৰ নিগমতেই আছে ৫১ টা ৱাৰ্ড।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব অনুৰাগ সেনে জনায় যে ৰাজ্যৰ সকলো ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বিয়লি ৪ বজালৈকে এই ভোটদান চলিব। তেওঁ লগতে এতিয়ালৈকে নিৰ্বাচন শান্তিপূৰ্ণভাৱে চলি থকা বুলি উল্লেখ কৰে।

শান্তিপূৰ্ণ আৰু নিকা ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰায় ৪,৬০০ গৰাকী ভোটগ্ৰহণকাৰী কৰ্মচাৰীক দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৩৯ টা কোম্পানীকে ধৰি ১০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

ৰাজনৈতিক দলসমূহৰ ভিতৰত বিজেপিয়ে সৰ্বাধিক ২৬৬ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে চিপিআই(এম)-এ ২২৮ গৰাকী আৰু কংগ্ৰেছে ২০১ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ফলত পৌৰ সংস্থাসমূহৰ দখলক লৈ তিনিওটা দলৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা দেখা গৈছে।