গুৱাহাটী, ২৭ নৱেম্বৰ: নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ জৰিয়তে ধন সৰবৰাহ কৰাৰ অভিযোগৰ তদন্তৰ অংশ হিচাপে অসম আৰু মেঘালয়ৰ ৬টা স্থানত অভিযান চলাইছে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। শুকুৰবাৰে কেন্দ্ৰীয় সংস্থাটোৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলে এই অভিযান চলায়।

উদয় চৌৰাছিয়া নামৰ এজন ব্যৱসায়ীৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰতিষ্ঠান আৰু বাসগৃহত এই তালাচী চলোৱা হয়। অসমৰ গুৱাহাটী আৰু পলাশবাৰীৰ লগতে মেঘালয়ৰ শ্বিলঙত একেসময়তে অভিযান চলে। তদন্তকাৰী বিষয়াসকলৰ মতে, নিষিদ্ধ গুটখা, পাণ মছলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদন্তত অভিযোগ উঠিছে যে উদয় চৌৰাছিয়াই জাল নথি-পত্ৰ ব্যৱহাৰ কৰি নিষিদ্ধ গুটখা, পাণ মছলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু বিক্ৰী চলাইছিল। এই অবৈধ ব্যৱসায়ৰ জৰিয়তে হোৱা ধনৰ লেনদেনৰ বিষয়টোও তদন্তৰ আওতালৈ আহিছে।

ধন সৰবৰাহ প্ৰতিৰোধ আইন চমুকৈ পিএমএলএৰ অধীনত এই তালাচী অভিযান চলোৱা হয়। তালাচী চলোৱা স্থানসমূহৰ ভিতৰত এই গোচৰটোৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা দুটা পাণ মছলা কোম্পানীৰ কাৰ্যালয়ো আছে।

এই পৰ্যায়ত ইডিৰ অভিযান আৰু তদন্তৰ মূল লক্ষ্য হৈছে নিষিদ্ধ সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত নথি-পত্ৰ আৰু ধনৰ লেনদেনৰ যাৱতীয় তথ্য পৰীক্ষা কৰা। অৱশ্যে অভিযানত কোনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই অথবা কিমান পৰিমাণৰ সম্পত্তি বা নথি-পত্ৰ জব্দ কৰা হৈছে, সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।