গুৱাহাটী, ২৮ নৱেম্বৰ: শৈশৱতে অসম এৰি বেলজিয়ামলৈ যোৱা এগৰাকী মহিলাই প্ৰায় ৩৫ বছৰৰ পিছত নিজৰ জন্মদাতা পিতৃ-মাতৃৰ সন্ধানত পুনৰ গুৱাহাটীত উপস্থিত হৈছে। চান্ধা নামৰ মহিলাগৰাকীয়ে ছয় বছৰ বয়সতে এটা সংস্থাৰ সহায়ত তোলনীয়া হিচাপে বেলজিয়ামলৈ গৈছিল। এতিয়া নিজৰ শিপা আৰু জন্মৰ পৰিচয় বিচাৰি তেওঁ স্বামীৰ সৈতে অসমলৈ উভতি আহিছে।

গুৱাহাটীত উপস্থিত হৈ চান্ধাই মহানগৰীৰ উজান বজাৰ আৰু খাৰঘূলি অঞ্চলত ঘূৰি নিজৰ পৰিয়ালৰ সন্ধানত বিভিন্ন তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে। গুৱাহাটীতে তেওঁৰ জন্ম হৈছিল বুলি বিশ্বাস কৰিলেও মহানগৰীৰ প্ৰকৃত কোনটো স্থানত তেওঁ জন্ম হৈছিল, সেই বিষয়ে তেওঁ নিশ্চিত নহয়। চান্ধাৰ হাতত থকা তোলনীয়া গ্ৰহণৰ নথি অনুসৰি পিতৃৰ নাম ‘শন্দ্ৰিকা ৰয়’ অথবা ‘ৰে’ বুলি উল্লেখ আছে। মাতৃৰ নাম ডলী বুলি জানিব পাৰিছে যদিও তেওঁৰ কোনো উপাধি নথি-পত্ৰত নাই। শৈশৱৰ স্মৃতি অতি সীমিত হোৱাৰ বাবে পৰিয়ালৰ সন্ধান উলিওৱাটো তেওঁৰ বাবে কঠিন হৈ পৰিছে।

নিজৰ অতীতৰ সন্ধানত চান্ধা আৰু তেওঁৰ স্বামীয়ে ইতিমধ্যে সম্ভাব্য চিকিৎসালয় আৰু শিশু সুৰক্ষা বিভাগৰ কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ স্থাপন কৰিছে। কিন্তু এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰিব পৰা নাই। চান্ধাই জানিবলৈ দিয়ে যে এতিয়ালৈকে কোনো সুফল লাভ কৰা নাই যদিও গুৱাহাটীৰ লোকসকলৰ সহায় আৰু আন্তৰিকতাই তেওঁক উৎসাহিত কৰিছে। জন্মদাতা পিতৃ-মাতৃক বিচাৰি উলিওৱাৰ আশাত তেওঁ অসমৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

বিশেষকৈ উজান বজাৰ আৰু খাৰঘূলি অঞ্চলৰ বাসিন্দাসকলক আহ্বান জনাই তেওঁ কয় যে কোনো ব্যক্তিয়ে যদি তেওঁৰ জন্ম পৰিয়ালৰ বিষয়ে জানে বা চিনি পায়, তেন্তে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ বাবে তেওঁ ফোন নম্বৰ +৩২-৪৭৮৪৪৭৯৫৬ আৰু ই-মেইল ঠিকনা chanda.belgium@gmail.com ৰাজহুৱা কৰিছে।