বহুভাষিক পণ্ডিত পূজ্য এ.পান্নাচাৰা ভিক্ষুৰ মহাপ্ৰয়াণ: শৈক্ষিক-আধ্যাত্মিক জগতত অপূৰণীয় শূন্যতা

মাৰ্ঘেৰিটা সমজিলাৰ ৩ নং মাকুম পথাৰস্থিত মাছেগাঁও বৌদ্ধ বিহাৰৰ প্ৰধান ভিক্ষু তথা ১৫ টাতকৈও অধিক দেশী-বিদেশী ভাষাত পাৰদৰ্শী বিশিষ্ট পণ্ডিত পূজ্য এ.পান্নাচাৰা ভিক্ষুৱে আজি পুৱা ৫ বজাত ইহলীলা সম্বৰণ কৰাত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

ভাষা, সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাক নতুন মাত্ৰা দিয়া এইগৰাকী মহান সাধকৰ চিংফৌ ভাষাৰ অভিধান ৰচনাৰ অনবদ্য অৱদান চিৰস্মৰণীয় হৈ ৰ’ব, লগতে তেখেতৰ বলিষ্ঠ নেতৃত্বতেই বিহাৰ প্ৰাংগণত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘পান্নাচাৰা বিদ্যাপীঠ’ গঢ়ি উঠিছিল।

জ্ঞান, সাধনা আৰু মানৱতাৰ সেৱাত সমৰ্পিত পূজ্য ধৰ্মগুৰুৰ এই বিয়োগে অঞ্চলটোৰ শৈক্ষিক তথা আধ্যাত্মিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।

মহাপ্ৰয়াণৰ খবৰ বিয়পি পৰাৰ লগে লগে পূৰ্বাঞ্চল ভিক্ষু সংঘৰ অধ্যক্ষসহ অসম আৰু অৰুণাচল প্ৰদেশৰ বহু ধৰ্ম ভিক্ষু তথা ভক্তপ্ৰাণ ৰাইজে অন্তিম শ্ৰদ্ধাঞ্জলী জনাবলৈ উপস্থিত হয়হি।

ইফালে, তেখেতৰ বিয়োগত অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী ড° চওনা মেইন, বিভিন্ন ভিক্ষু সংঘ, পূৰ্বাঞ্চল বৌদ্ধ সংঘ, ছাত্ৰ-সমাজ, সুৰভী মহিলা সমিতি আৰু বিছা ৰজা মুংদাং গাম চিংফৌকে ধৰি অসংখ্য ব্যক্তি-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।