সোণাপুৰ, ২৮ নৱেম্বৰ: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শনিবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জুবিন গাৰ্গ ন্যায় সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মানৱ শৃংখলত অংশগ্ৰহণ কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। প্ৰতিবাদস্থলীত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে কয় যে শিল্পীগৰাকীৰ মৃত্যুৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গ'ল যদিও এতিয়ালৈকে উচিত ন্যায় লাভ কৰা হোৱা নাই। ঘটনাটোৰ সৈতে জড়িত কেইবাজনো অভিযুক্ত ইতিমধ্যে কাৰাগাৰৰ পৰা ওলাই মুক্তভাৱে ঘূৰি ফুৰা বিষয়টোক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
ইয়াৰ উপৰি বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া বক্তব্যৰ প্ৰসংগ উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে নিজেই ঘটনাটোক হত্যা বুলি অভিহিত কৰিছিল আৰু এজন ব্যক্তিয়ে আন চাৰিজনৰ সহযোগত এই কাণ্ড সংঘটিত কৰাৰ কথা জনাইছিল। সেই অনুসৰি ঘটনাৰ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াক লৈ এতিয়াও বহু প্ৰশ্নৰ উত্তৰ ওলোৱা নাই বুলি তেওঁ মন্তব্য কৰে।
গোচৰটোৰ মূল অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত শুনানি অহা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব। এই শুনানিৰ পূৰ্বে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক উক্ত জামিন আবেদন নাকচ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে। কোনো কাৰণতে যাতে মূল অভিযুক্তই জামিন লাভ নকৰে, তাৰ বাবে চৰকাৰী পক্ষক কঠোৰ স্থিতি গ্ৰহণৰ দাবী জনায় বিধায়কগৰাকীয়ে।
শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়া যাতে সঠিক দিশত আগবাঢ়ে, তাৰ দাবীৰে আয়োজিত এই মানৱ শৃংখলত বহু লোকে অংশগ্ৰহণ কৰে। ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত হ'বলগীয়া শুনানিৰ প্ৰতি এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।