মৰিগাঁও, ২৮ নৱেম্বৰঃ মৰিগাঁও জিলাত কয়লাৰ অবৈধ বেহাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। যোৰহাটত ডেলিভাৰী দিবলগীয়া প্ৰায় ৫০ টন কয়লা মৰিগাঁৱৰ গৰৈমাৰিস্থিত SBI নামৰ এটা ইটা ভাটাত উদ্ধাৰ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ট্ৰাকভৰ্তি কয়লাখিনি নিৰ্ধাৰিত গন্তব্যস্থানত জমা নিদি আন স্থানত বিক্ৰী কৰাৰ অভিযোগ উঠিছে চালক অতাবুৰ ৰহমানৰ বিৰুদ্ধে।

প্ৰাপ্ত অভিযোগ অনুসৰি, জাগীৰোডৰ পৰা এখন ট্ৰাকত প্ৰায় ৫০ টন কয়লা যোৰহাটত ডেলিভাৰী দিয়াৰ উদ্দেশ্যে লোড কৰা হৈছিল। নাগালেণ্ডৰ বেৰেলৰ জৰিয়তে ৰে’লযোগে পৰিবহণৰ বাবে অনা কয়লাখিনি নিৰ্ধাৰিত স্থানত উপস্থিত হোৱাৰ পৰিৱৰ্তে মৰিগাঁৱৰ গৰৈমাৰিৰ SBI ইটা ভাটাত গৈ উপস্থিত হয়। অভিযোগকাৰীৰ দাবী, চালক অতাবুৰ ৰহমানে যোৰহাটত জমা দিবলগীয়া কয়লাখিনি ইটা ভাটাটোত বিক্ৰী কৰে।

এই ঘটনাত ব্যৱহৃত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS01SC4961। ট্ৰাকখনৰ মালিক মুক্তাৰ হুছেইন বুলি জানিব পৰা গৈছে। তেওঁৰ ঠিকনা মৰিগাঁৱৰ গৰৈমাৰী অঞ্চলৰ লহৰীপাম। ট্ৰাকখন TATA MOTORSৰ LPT 4830 মডেলৰ।

যোৰহাটৰ সন্তোষ কুমাৰ সাহানীয়ে সমগ্ৰ বিষয়টো পোহৰলৈ অনাৰ দাবী কৰিছে। তেওঁৰ মতে, ট্ৰাকখনৰ নথি-পত্ৰ সংগ্ৰহ কৰাৰ পিছত তেওঁ ট্ৰাকৰ মালিক আৰু SBI ইটা ভাটাৰ মালিকৰ সৈতে যোগাযোগ কৰিছিল। অভিযোগ অনুসৰি, ইটা ভাটাৰ মালিকে প্ৰথম অৱস্থাত ঘটনাটো স্বীকাৰ কৰি তেওঁক সাক্ষাতৰ বাবে মাতিছিল। কিন্তু সাক্ষাতৰ পিছতো বিষয়টোত কোনো গুৰুত্ব দিয়া নহ’ল বুলি সাহানীয়ে অভিযোগ কৰিছে।

ইয়াৰ পিছতে ন্যায় বিচাৰি সন্তোষ কুমাৰ সাহানীয়ে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত আবেদন দাখিল কৰিছে। তেওঁৰ আন এক অভিযোগ অনুসৰি, চালক অতাবুৰ ৰহমানক PhonePe যোগে ২০ হাজাৰ টকা, আন এটা বেংক একাউণ্টৰ জৰিয়তে ২০ হাজাৰ টকা আৰু নগদ ২০ হাজাৰ টকা প্ৰদান কৰা হৈছিল। কিন্তু এই মুঠ ৬০ হাজাৰ টকাও আত্মসাৎ কৰা হৈছে বুলি তেওঁ দাবী কৰিছে।

সাহানীৰ দাবী, কেৱল জাগীৰোডৰ পৰাই নহয়, গুৱাহাটীৰ বেলতলাৰ পৰাও এনেদৰে কয়লা পৰিবহণ কৰা হয়। অৱশ্যে এই দাবীৰ সত্যতা এতিয়াও স্বাধীনভাৱে নিশ্চিত হোৱা নাই।

এতিয়া সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি কেইবাটাও প্ৰশ্নৰ উত্থাপন হৈছে। যোৰহাটত ডেলিভাৰী দিবলগীয়া কয়লাখিনি কেনেকৈ মৰিগাঁৱৰ গৰৈমাৰিৰ ইটা ভাটাত উপস্থিত হ’ল? ট্ৰাকখনৰ গতিপথ আৰু কয়লা পৰিবহণৰ নথি-পত্ৰ পৰীক্ষা কৰিলে এই ঘটনাৰ আঁৰৰ তথ্য পোহৰলৈ আহিবনে? এই ঘটনাত কেৱল চালকজনেই জড়িত, নে ইয়াৰ আঁৰত বৃহত্তৰ কোনো চক্ৰ আছে? আৰক্ষীৰ তদন্তৰ পিছতহে এই প্ৰশ্নসমূহৰ উত্তৰ স্পষ্ট হ’ব।