দক্ষিণ কামৰূপৰ সোণতলীস্থিত অগ্ৰণী শিক্ষানুষ্ঠান এক্সেলেন্ট একাডেমীৰ সপ্তম সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটি আজি উলহ-মালহ আৰু বৰ্ণাঢ্য পৰিৱেশৰ মাজেৰে সম্পন্ন হয়। চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই বাৰ্ষিক অধিৱেশনক লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা যায়। বিদ্যালয়খনৰ অধ্যক্ষ মহৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডাঃ কোৰবান আলী আহমেদ ৰেডিঅলজিষ্ট এম ডি, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্বহিদুল ইছলাম বৰা মুখ্য পৰিচালন সঞ্চালক এক্সেলেন্ট একাডেমী সোণতলী, লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত উপস্থিত থাকি অতিথি সকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশত পাঠ্যপুথিৰ লগতে সহ-পাঠ্যক্ৰম আৰু বাৰ্ষিক অধিৱেশনৰ দৰে কাৰ্যসূচীসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। বৰ্তমানৰ প্ৰতিযোগিতামূলক সময়ত ছাত্ৰ-ছাত্ৰীসকলক নৈতিকতা, শৃংখলা আৰু সৃষ্টিশীলতাৰে আগবাঢ়ি যাবলৈ তেওঁলোকে আহ্বান জনায়। সভাপতিৰ আসনৰ পৰা অধ্যক্ষ মহৰ আলী আহমেদে বিদ্যালয়খনৰ শৈক্ষিক দিশৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ লগতে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও বক্তব্য ৰাখে আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। চাৰিদিনীয়া অধিৱেশনৰ বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্যসূচীত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠানত বঁটাসমূহ বিতৰণ কৰা হয়। বঁটা লাভ কৰি ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে। সভাত অঞ্চলটোৰ বহু সংখ্যক শিক্ষাবিদ, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।