হাওৰাঘাট ২৯ নবেম্বৰঃ কাৰ্বি পাহাৰৰ বুকুত জ্ঞানৰ আলোকেৰে সমাজখনক উদ্ভাসিত কৰা এগৰাকী নিষ্ঠাৱান শিক্ষাবিদৰ শিৰত আজি এক বিৰল সন্মানৰ মুকুট পিন্ধোৱা হয়। বকলীয়াঘাটস্থিত ৰুকাচেন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীক 'এছিয়া বুক অৱ ৰেকৰ্ড ফাউণ্ডেশ্যন' (Asia Book of Record Foundation)-ৰ উদ্যোগত আৰু 'লুইজিয়ানা ৰিচাৰ্চ ইউনিভাৰ্চিটি'ৰ (Louisiana Research University) তৰফৰ পৰা সন্মানীয় ডক্টৰেট (Honorary Doctorate) উপাধিৰে বিভূষিত কৰা হৈছে। পশ্চিম বংগৰ কলকাতাৰ হাওৰাস্থিত ঐতিহ্যমণ্ডিত 'হাওৰা সংস্কৃত সাহিত্য সমাজ' প্ৰেক্ষাগৃহত আয়োজিত 'লৰ্ড বুদ্ধ বঁটা আৰু ড° ভীমৰাও আম্বেদকাৰ বঁটা প্ৰদান অনুষ্ঠান ২০২৬' (Lord Buddha Award & Dr. Bhim Rao Ambedkar Award Ceremony 2026) শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ তথা বৰ্ণাঢ্য অনুষ্ঠানত তেখেতক এই সন্মানেৰে সন্মানিত কৰা হয়। শিক্ষাৰ প্ৰসাৰ, নিঃস্বাৰ্থ সমাজ সেৱা আৰু মানৱীয় নেতৃত্বৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিৰ চিনস্বৰূপে এই গৌৰৱময় বঁটা প্ৰদান কৰা হয়।
ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীৰ এই অনন্য কৃতিত্বই ৰুকাচেন মহাবিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ বকলীয়াঘাট তথা কাৰ্বি আংলং জিলাবাসীকে ইতিমধ্যে গৌৰৱান্বিত কৰি তুলিছে। তেখেতৰ এই সাফল্যত জিলাখনত এক আনন্দৰ জোৱাৰ উঠিছে আৰু বিভিন্ন দল-সংগঠন, শিক্ষানুৰাগী ও গুণমুগ্ধ শুভাকাংক্ষীসকলে তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।