ৱেলিংটন: বৰ্ষা বিঘ্নিত দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডক ডিএলএছ পদ্ধতিত ৪ ৰানত পৰাস্ত কৰিছে ভাৰতে। পাঁচখন মেচৰ শৃংখলাত এই জয়ৰে ভাৰতে ২-০ৰ অগ্ৰগতি লাভ কৰে।
১৩৫ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নামি বৰষুণ আৰম্ভ হোৱাৰ সময়ত ভাৰতে ৭ উইকেটত ১১৩ ৰান সংগ্ৰহ কৰিছিল। তাৰ পাছত খেল পুনৰ আৰম্ভ কৰিব নোৱাৰাত ডিএলএছ পদ্ধতিত ভাৰতক বিজয়ী ঘোষণা কৰা হয়।
ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৩০ ৰান কৰে। কে এল ৰাহুলে ২৬ ৰান কৰি অপৰাজিত থাকে।
ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলটোৱে নিউজিলেণ্ডক ১৩৪ ৰানতে অলআউট কৰে। ভাৰতৰ গুৰনূৰ ব্ৰাৰে ৩০ ৰানৰ বিনিময়ত ৪ উইকেট দখল কৰে।
প্ৰথম এদিনীয়াত বিৰাট কোহলিৰ ৭৪ ৰানৰ সহায়ত ভাৰতে ৫ উইকেটত জয় লাভ কৰিছিল।