গুৱাহাটী, ৭ নৱেম্বৰঃ আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ প্ৰতিযোগিতাৰ বাবে ১৬জনীয়া অসম দল ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই। প্ৰতিযোগিতাখন ১৪ নৱেম্বৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ’ব।
ঘোষিত দলটোত ডেনিছ দাসক অধিনায়ক আৰু চাহিল জৈনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলৰ আন খেলুৱৈসকল হৈছে—শিৱশংকৰ ৰায়, অভিনৱ চৌধুৰী, ৰোচন আলম, আকাশ সেনগুপ্ত, আয়ুষ্মান মালাকাৰ, মৃণ্ময় দত্ত, মুক্তাৰ হুছেইন, বিশাল সাহা, প্ৰদ্যুন শইকীয়া, ভাৰ্গব প্ৰতিম লহকৰ, আয়ুষ আগৰৱালা (উইকেটকীপাৰ), ৰোহিত সেন (উইকেটকীপাৰ), জিতুমণি কলিতা আৰু আব্দুল আজিজ কুৰাইছি।
ইফালে, নজনীয়া ষ্টেণ্ডবাই তালিকাত আছে নিহাৰ ডেকা, সঞ্জয় কুমাৰ সিং, এৰিক ৰয় (উইকেটকীপাৰ), অম্লানজ্যোতি দাস, ছাদেক হুছেইন, ৰাহুল সিং, গুঞ্জনজ্যোতি ডেকা, জিতু আলী আৰু নিপন ডেকা।
দলটোৰ সহযোগী কৰ্মচাৰীসকলৰ ভিতৰত মেনেজাৰ হিচাপে থাকিব সুজিত চৌধুৰী। মুখ্য প্ৰশিক্ষকৰ দায়িত্বত কিৰণ পোৱাৰ। সহকাৰী প্ৰশিক্ষক আৰ কে যাদৱ আৰু প্ৰীতম দাস। ট্ৰেইনাৰ ভাস্কৰ বৰা, ফিজিঅ’ ভীষ্ম প্ৰতাপ সিং, থ্ৰ’ডাউন বিশেষজ্ঞ বিবেক ছালুনখে আৰু পাৰফৰমেন্স বিশ্লেষক বিকাশ ৰঞ্জন দাস।
অসম ক্ৰিকেট সন্থাই প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত খেলুৱৈ আৰু সহযোগী কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।