২০২৬ চনৰ আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ভাৰতীয় মূলৰ কেইবাগৰাকীও ৰাজনীতিকে উল্লেখযোগ্য সফলতা লাভ কৰিছে। পিয়া দাণ্ডিয়া, সুহাস সুব্ৰমনিয়ম আৰু অৰুণা মিলাৰে নিজ নিজ নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে অ’হাইঅ’ৰ গভৰ্ণৰ নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ সমৰ্থনপ্ৰাপ্ত ভাৰতীয় মূলৰ ৰিপাব্লিকান প্ৰাৰ্থী বিবেক ৰামাস্বামী পৰাস্ত হৈছে।

Floridaৰ ২২সংখ্যক Congressional Districtৰ পৰা ডেম’ক্ৰেটিক প্ৰাৰ্থী পিয়া দাণ্ডিয়াই জয়লাভ কৰি US House of Representativesলৈ নিৰ্বাচিত হৈছে। তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী Casey Askarক পৰাস্ত কৰে। Palm Beach Countyত ভাৰতীয় অভিবাসী পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা দাণ্ডিয়াই শিক্ষকতা কৰাৰ লগতে Harlemৰ এখন উচ্চ বিদ্যালয়ৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ White House Fellow হিচাপে কাম কৰাৰ উপৰি Appleতো কৰ্মৰত আছিল। শিক্ষা, জীৱন-যাপনৰ ব্যয় হ্ৰাস আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিক তেওঁ নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হিচাপে লৈছিল।

ইফালে, Virginiaৰ ১০সংখ্যক Congressional Districtৰ পৰা ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক নেতা সুহাস সুব্ৰমনিয়মে পুনৰ জয়লাভ কৰিছে। তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী Dave T. Beckwithক পৰাস্ত কৰে। সুব্ৰমনিয়মে মুঠ ভোটৰ ৬৩.১৬ শতাংশ অৰ্থাৎ ১,৭৩,১০৬টা ভোট লাভ কৰে। আনহাতে, Beckwithএ ৩৪.৬৬ শতাংশ অৰ্থাৎ ৯৪,৯৯০টা ভোট লাভ কৰে। নিৰ্দলীয় প্ৰাৰ্থী Ahsen Mujeeb Malikএ ১.৯৯ শতাংশ অৰ্থাৎ ৫,৪৪৪টা ভোট লাভ কৰে। ১৯৭৯ চনত Virginiaত ভাৰতীয় অভিবাসী পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা সুব্ৰমনিয়ম হৈছে ৰাজ্যখনৰ ১০সংখ্যক Congressional Districtক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান।

Marylandতো ভাৰতীয় মূলৰ ৰাজনীতিক অৰুণা মিলাৰে পুনৰ সফলতা লাভ কৰিছে। ডেম’ক্ৰেটিক গভৰ্ণৰ Wes Mooreৰ সৈতে একেটা নিৰ্বাচনী দলত প্ৰতিদ্বন্দ্বিতা কৰা Millerএ পুনৰ Lieutenant Governor হিচাপে নিৰ্বাচিত হৈছে। তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী Rob Kropক পৰাস্ত কৰে। এই জয়ৰ ফলত Marylandৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যবাহী পদত ভাৰতীয় মূলৰ প্ৰতিনিধিত্ব অব্যাহত থাকিব।

আনহাতে, অ’হাইঅ’ৰ গভৰ্ণৰ নিৰ্বাচনত ডেম’ক্ৰেটিক প্ৰাৰ্থী ডাঃ এমি এক্টনে ৰামাস্বামীক পৰাস্ত কৰিছে। এই জয়ৰ জৰিয়তে এক্টন অ’হাইঅ’ৰ প্ৰথমগৰাকী নিৰ্বাচিত মহিলা গভৰ্ণৰ হিচাপে পৰিগণিত হৈছে। বিগত ২০ বছৰৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ গভৰ্ণৰ পদত ডেম’ক্ৰেটিক প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। COVID-19 মহামাৰীৰ সময়ত অ’হাইঅ’ৰ স্বাস্থ্য সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা এক্টনে নিৰ্বাচনী প্ৰচাৰত জীৱন-যাপনৰ ব্যয় আৰু স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ বিষয়ত গুৰুত্ব দিছিল।

ইয়াৰ উপৰি Californiaৰ ১৭সংখ্যক Congressional Districtৰ পৰা ডেম’ক্ৰেটিক নেতা Ro Khannaই পুনৰ জয়লাভ কৰিছে। আন এগৰাকী ডেম’ক্ৰেটিক নেতা Ami Beraয়ো Californiaৰ আন এটা সমষ্টিত জয় লাভ কৰিছে। আনহাতে, Arizonaৰ এখন প্ৰতিদ্বন্দ্বিতাপূৰ্ণ House নিৰ্বাচনত ভাৰতীয় মূলৰ প্ৰাৰ্থী Amish Shahই অগ্ৰগতি লাভ কৰি আছে।