নাছিক, ৩১ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ নাছিক আৰু ত্ৰিম্বকেশ্বৰত আজিৰে পৰা আৰম্ভ হৈছে সিংহস্থ কুম্ভমেলাৰ উৎসৱ। বৃহস্পতি গ্ৰহ সিংহ ৰাশিত প্ৰৱেশ কৰাৰ শুভক্ষণত আয়োজিত এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নাছিকৰ ৰামকুণ্ডত মূল পতাকা উত্তোলন কৰি কুম্ভমেলাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
আনহাতে, ত্ৰিম্বকেশ্বৰৰ কুশাৱৰ্ত তীৰ্থত ধৰ্মধ্বজা উত্তোলন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে। অনুষ্ঠানত ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মা, উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু সুনেত্ৰা পাৱাৰৰ লগতে কেইবাগৰাকীও সাধু-সন্ত আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
পতাকা উত্তোলনৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে গংগা গোদাৱৰী মন্দিৰ আৰু ৰামকুণ্ডত পূজা-অৰ্চনা কৰে। আনহাতে, মুখ্যমন্ত্ৰী ফাড়নৱিছে কুশাৱৰ্ত তীৰ্থত প্ৰাৰ্থনা জনায়।
আকাশবাণীৰ বাতৰি অনুসৰি, দিনৰ ভাগত ৰাষ্ট্ৰপতি মুৰ্মুৱে ত্ৰিম্বকেশ্বৰলৈ গৈ ধ্বজস্তম্ভত দৰ্শন আৰু প্ৰণাম জনোৱাৰ কাৰ্যসূচী আছে। সন্ধিয়া ৰামকুণ্ডত অনুষ্ঠিত হ’ব মূল অনুষ্ঠান। তাত ৰাষ্ট্ৰপতিয়ে উপস্থিত ৰাইজক সম্বোধন কৰিব।
এই অনুষ্ঠানৰ আন এক বিশেষ আকৰ্ষণ হ’ব গোদা আৰতি। প্ৰায় ৬,৫০০গৰাকী জনজাতীয় সম্প্ৰদায়ৰ লোকে একেলগে গোদা আৰতি কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস চলাব।