নগাঁও, ৮ নৱেম্বৰঃ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি দেওবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক বিশাল বিজয় উৎসৱত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে এনডিএৰ প্ৰাৰ্থী দেৱাশিস শৰ্মা বিজয়ী হ’লে তেওঁ নিজে ৰূপহীহাটলৈ আহি ৰাইজৰ সৈতে বিজয় উদ্‌যাপন কৰিব।

সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰেৰে ৰূপহীহাটৰ ফখলি ঈদগাহত উপস্থিত হয়। তাৰ পাছত সমদল আৰু ৰেলীৰে তেওঁক বিজয় উৎসৱৰস্থলীলৈ আদৰি নিয়া হয়।

অনুষ্ঠানস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ লোকৰ সৈতে এনডিএৰ জয় উদ্‌যাপন কৰে। বিজয় উৎসৱত এনডিএৰ কৰ্মী-সমৰ্থকৰ লগতে স্থানীয় ৰাইজৰো ব্যাপক অংশগ্ৰহণ দেখা যায়।

ইফালে, বিজয় উৎসৱৰ মাজতে চৰ্চা লাভ কৰে আন এক দৃশ্যই। অনুষ্ঠানস্থলীতে চোৰহাব আলীয়ে আগবঢ়োৱা গাখীৰ পান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাই উৎসৱস্থলীত উপস্থিত লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই এই বিজয় উৎসৱৰ আয়োজন কৰা হয়।