নতুন দিল্লী, ৮ নৱেম্বৰ: কংগ্ৰেছৰ ২০ হাজাৰ টকাৰ ওপৰৰ ঘোষিত অনুদান ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ৭৫ শতাংশ হ্ৰাস পাই ১৩০.৬৯ কোটি টকালৈ নামিছে। দলটোৱে ভাৰতীয় নিৰ্বাচন আয়োগত দাখিল কৰা নথিপত্ৰৰ বিশ্লেষণত এই তথ্য পোহৰলৈ আহিছে।

২০২৪-২৫ত একে শিতানত কংগ্ৰেছে ৫১৭.৩৯ কোটি টকাৰ অনুদান লাভ কৰিছিল। বিগত ১২টা বিত্তীয় বৰ্ষৰ তথ্যৰ তুলনাত এয়া এক দশকৰ ভিতৰত সৰ্বাধিক বাৰ্ষিক হ্ৰাস।

ইয়াৰ পূৰ্বে ২০১৫-১৬ত কংগ্ৰেছৰ ঘোষিত অনুদান প্ৰায় ৮৬ শতাংশ হ্ৰাস পাইছিল। তাৰ আগৰ বছৰত দলটোৱে ১৪১.৪৬ কোটি টকাৰ অনুদান লাভ কৰিছিল।

২০২৩-২৪ত কংগ্ৰেছৰ ঘোষিত অনুদানৰ পৰিমাণ আছিল ২৮১.৪৮ কোটি টকা। লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ২০২৪-২৫ত এই পৰিমাণ ৫১৭.৩৯ কোটি টকালৈ বৃদ্ধি পাইছিল।

প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টৰ অনুদান হ্ৰাস পোৱাটো শেহতীয়া পতনৰ অন্যতম মুখ্য কাৰণ। ট্ৰাষ্টটোৱে ২০২৪-২৫ত ২১৬.৩৪ কোটি টকা অনুদান দিছিল যদিও ২০২৫-২৬ত এই পৰিমাণ ২৫ কোটি টকালৈ নামি আহে। কংগ্ৰেছৰ শেহতীয়া অনুদান-প্ৰতিবেদনত প্ৰুডেণ্টেই একমাত্ৰ নিৰ্বাচনী ট্ৰাষ্ট হিচাপে তালিকাভুক্ত হৈছে।

বৃহৎ দাতাসকলৰ ভিতৰত ষ্টাৰ চিমেণ্টে ৫ কোটি টকা, সজ্জন ভাজাংকাই ৪ কোটি টকা আৰু প্ৰেম কুমাৰ ভাজাংকাই ২ কোটি টকা অনুদান আগবঢ়াইছে।

২০২৪-২৫ত বিজেপিয়ে ২০ হাজাৰ টকাৰ ওপৰৰ ৬,০৭৪.০২ কোটি টকাৰ অনুদান লাভ কৰিছিল, যি কংগ্ৰেছৰ সংগ্ৰহতকৈ প্ৰায় ১২ গুণ। ২০২৫-২৬ৰ বিজেপিৰ অনুদান-প্ৰতিবেদন এতিয়ালৈ নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা নাই।

এই হিচাপত নিৰ্বাচনী বণ্ডৰ ধন অন্তৰ্ভুক্ত নহয়। ২০২৫-২৬ৰ কংগ্ৰেছৰ নিৰীক্ষিত হিচাপ এতিয়াও আপলোড কৰা হোৱা নাই; সেয়েহে দলটোৰ সামগ্ৰিক আৰ্থিক স্থিতি নিৰ্ণয় কৰিব পৰা হোৱা নাই। ২০২৪-২৫ত কেৱল কুপন সংগ্ৰহৰ পৰাই দলটোৱে ৩৫০.১২ কোটি টকা লাভ কৰিছিল।