নতুন দিল্লী, ৭ নৱেম্বৰ: ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পাছত ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ কে চি বেণুগোপালে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে এই কথা লিখিতভাৱেও দি দিবলৈ তেওঁ সাজু।
‘হিন্দুস্তান টাইমছ’ক দিয়া এক সাক্ষাৎকাৰত বেণুগোপালে দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি, বিৰোধী ঐক্য আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চলি থকা আন্দোলন সন্দৰ্ভত মন্তব্য কৰে।
ৰাহুল গান্ধী কেৱল ‘মক পাৰ্লিয়ামেণ্ট’ৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বেণুগোপালে কয়—"অমিত শ্বাহে অলপ অপেক্ষা কৰক। লিখি দিবলৈও সাজু আছোঁ—ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব। শ্বাহ আৰু মোদীয়ে তাৰ পাছত তেওঁলোকৰ কি হ’ব, সেই বিষয়ে চিন্তা কৰা উচিত। ২০২৯ চনলৈ অপেক্ষা কৰক।"
কংগ্ৰেছ আৰু বিৰোধী দলসমূহে চলাই থকা ৰাজনৈতিক যুঁজ কেৱল ক্ষমতা লাভৰ বাবে নহয়; বৰং দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবেহে এই সংগ্ৰাম বুলি তেওঁ স্পষ্ট কৰে।
ভোট চুৰিৰ অভিযোগক লৈ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে চলোৱা আন্দোলন অব্যাহত থাকিব বুলি বেণুগোপালে জনায়। এই আন্দোলন ৰাজ্যসমূহলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাও আছে বুলি তেওঁ উল্লেখ কৰে।
ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তন কৰা হৈছে বুলি তেওঁলোকৰ অভিযোগ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীও জনাইছে বিৰোধীয়ে।
আগন্তুক সংসদৰ অধিৱেশনতো বিৰোধীয়ে বিষয়টো উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে বুলি বেণুগোপালে কয়। আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা-কৰ্মীৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকেও ইয়াত অংশগ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।