ঢাকা, ৯ নৱেম্বৰ: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে কেৱল আইন অনুসৰিহে পদক্ষেপ গ্ৰহণ কৰি আছে বুলি জনাইছে দেশখনৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী মহম্মদ আসাদুজ্জামানে।
তাৰেক ৰহমান নেতৃত্বাধীন বাংলাদেশ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৮ নৱেম্বৰত ঢাকাত ‘ইণ্টেগ্ৰিটি ইন জুডিচিয়েল প্ৰচিডিংছ’ শীৰ্ষক এখন কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা কয়।
“শেখ হাছিনাৰ সন্দৰ্ভত আইনগতভাৱে যিখিনি কৰিব লাগে, আমি সেই সকলো পদক্ষেপ গ্ৰহণ কৰি আছোঁ। বিষয়টো আইন অনুসৰিয়েই মোকাবিলা কৰা হ’ব। কোনো পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত আৱেগৰ কোনো স্থান নাই। আমি আইন প্ৰয়োগ কৰিম।”
হাছিনাক বাংলাদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতৰ সৈতে প্ৰত্যৰ্পণ চুক্তিৰ অধীনত অনুৰোধ জনোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ভাৰত চৰকাৰে তেওঁক বাংলাদেশৰ হাতত গতাই দিলে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া অনুসৰি আদালতৰ সন্মুখত হাজিৰ কৰোৱা হ’ব বুলি তেওঁ জনায়।
২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ-জনতাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ক্ষমতাচ্যুত হোৱাৰ পিছত শেখ হাসিনা ভাৰতলৈ আহিছিল। তেতিয়াৰ পৰাই তেওঁ ভাৰতত আছে। ২০২৫ চনৰ নৱেম্বৰত বাংলাদেশৰ বিশেষ ন্যায়াধিকৰণে ২০২৪ চনৰ আন্দোলন দমনৰ ঘটনাৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ গোচৰত তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ ৰায় দিছিল। হাসিনাই অৱশ্যে অভিযোগ অস্বীকাৰ কৰাৰ লগতে বিচাৰ প্ৰক্ৰিয়াৰ বৈধতাকো প্ৰত্যাহ্বান জনাই আহিছে।
ইফালে, চলিত বৰ্ষৰ ডিচেম্বৰত যিকোনো পৰিস্থিতিতে বাংলাদেশলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে হাসিনাই। তেওঁৰ অধিবক্তাৰ জৰিয়তে দিল্লীত থকা বাংলাদেশৰ দূতাবাসলৈ নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ বিচাৰি প্ৰেৰণ কৰা আবেদনখন বাংলাদেশ চৰকাৰে নাকচ কৰিছে।