বাংলাদেশৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰত্যাৱৰ্তনৰ প্ৰশ্ন। ভাৰতত থকা হাচিনাই বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতিৰ অংশ হিচাপে নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ (NID) বিচাৰি আবেদন জনাইছে। কিন্তু তেওঁৰ এই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে বাংলাদেশ চৰকাৰে।

হাচিনাৰ হৈ লণ্ডনস্থিত আইন প্ৰতিষ্ঠান Matrix Chambers-ৰ অধিবক্তাসকলে দিল্লীত থকা বাংলাদেশৰ উচ্চায়োগলৈ পত্ৰ প্ৰেৰণ কৰি নতুন পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰ প্ৰদানৰ অনুৰোধ জনায়। আবেদনখনত উল্লেখ কৰা হৈছে যে তেওঁৰ পূৰ্বৰ পাছপ’ৰ্ট আৰু NID বাতিল কৰা হৈছে। সেয়েহে বাংলাদেশী নাগৰিক হিচাপে প্ৰয়োজনীয় নথি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছে।

কিন্তু বাংলাদেশ চৰকাৰৰ স্থিতি স্পষ্ট। দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবিৰে হাচিনাক ‘পলাতক অপৰাধী’ আৰু ‘সন্ত্ৰাসবাদী’ বুলি অভিহিত কৰি কয় যে বাংলাদেশে তেওঁক নতুন পাছপ’ৰ্ট প্ৰদান নকৰে। তেওঁৰ মতে, হাচিনাক বাংলাদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতৰ সৈতে থকা প্ৰত্যাৰ্পণ চুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাটোহে চৰকাৰৰ লক্ষ্য।

ইফালে, হাচিনাৰ দল Awami League-ৰ তৰফৰ পৰা প্ৰকাশ পোৱা মতে, ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৱশ্যে প্ৰত্যাৱৰ্তনৰ তাৰিখ আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতাৰ সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত প্ৰকাশ পোৱা নাই।

উল্লেখ্য, ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ-নেতৃত্বাধীন গণ-আন্দোলনৰ পৰিপ্ৰেক্ষিতত ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা ভাৰতত আছে শ্বেখ হাচিনা। ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ বিশেষ ন্যায়াধিকৰণে ২০২৪ চনৰ আন্দোলন দমনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ গোচৰত তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল। হাচিনাই অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি আহিছে।

এতিয়া প্ৰশ্ন হৈছে, বাংলাদেশ চৰকাৰৰ আপত্তি আৰু প্ৰত্যাৰ্পণৰ দাবীৰ মাজতে শ্বেখ হাচিনাৰ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কিমান দূৰ আগবাঢ়ে। তেওঁৰ নতুন পাছপ’ৰ্টৰ আবেদন নাকচ হোৱাৰ পাছত এই বিষয়টোৱে ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্কতো নতুন চৰ্চাৰ সৃষ্টি কৰিছে।