ৰায়গঞ্জ, ৯ নৱেম্বৰ: পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ ৰায়গঞ্জত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ মূল অভিযুক্ত দিলীপ ৰায় আৰক্ষীৰ গুলীত নিহত হৈছে। আৰক্ষীৰ মতে, বিহাৰলৈ পলাই যোৱাৰ চেষ্টা কৰাৰ সময়ত সোমবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, ৩ নৱেম্বৰত কিশোৰীগৰাকী নিৰুদ্দেশ হৈছিল। ৫ নৱেম্বৰত কুলিক বন্যপ্ৰাণী অভয়াৰণ্য এলেকাৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰায়গঞ্জ আৰক্ষী থানাত ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে দিলীপ ৰায়কে ধৰি অভিযুক্তসকলৰ সন্ধান আৰম্ভ কৰিছিল।

আৰক্ষীৰ ভাষ্য অনুসৰি, গৌৰী গাঁও এলেকাৰে বিহাৰ সীমান্ত পাৰ হোৱাৰ চেষ্টা চলোৱাৰ খবৰ পাই আৰক্ষীৰ দলটোৱে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত অভিযান চলায়। সেই সময়ত দিলীপ ৰায়ে আৰক্ষীক লক্ষ্য কৰি গুলী চলোৱাত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে। গুলীবিদ্ধ ৰায়ক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

পশ্চিমবংগত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত যোৱা চাৰি মাহত এইটো চতুৰ্থ আৰক্ষী এনকাউণ্টাৰৰ ঘটনা। ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী দিলীপ ঘোষে কয়, আইন উলংঘা কৰা লোকসকলে আৰক্ষীৰ সন্মুখীন হ'ব লাগিব।

মুখ্যমন্ত্ৰী সুভেন্দু অধিকাৰীয়ে কয়, আৰক্ষীয়ে প্ৰতিজন অভিযুক্তক গুলী নকৰে। আৰক্ষীৰ ওপৰত আক্ৰমণ হ'লে তেওঁলোকে আত্মৰক্ষাৰ বাবে প্ৰত্যুত্তৰ দিয়ে। ধৰ্ষণ-হত্যা, মাদক দ্ৰব্য সৰবৰাহ আৰু বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ দৰে ঘটনাত ব্যৱস্থা ল'বলৈ চৰকাৰে আৰক্ষীক সম্পূৰ্ণ স্বাধীনতা দিছে।