কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেই অভিযোগ কৰিছে যে, আৰ এছ এছে সাৱৰকাৰক হিন্দুত্বৰ পিতৃ হিচাপে গণ্য কৰে।

ফিৰোজজীক সম্বোধন কৰি খাৰ্গেই এম এম কালবুৰ্গী, গৌৰী লংকেশ আৰু ডাভোলকাৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰে। এই তিনিওটা হত্যাকাণ্ড সংঘৰ লোকেই সংঘটিত কৰিছিল বুলি তেওঁ অভিযোগ তোলে।

এই ঘটনাসমূহক লৈ গোচৰ চলি আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো চৰকাৰে অনুসৰণ কৰি আছে।

“আগন্তুক ছয় মাহৰ ভিতৰত মই এই বিষয়টোৰ নিষ্পত্তি কৰিম আৰু জড়িত সকলোকে জেললৈ পঠাম। আমি সেই কাম কৰিম,” বুলি খাৰ্গেই কয়।

এই লোকসকলেই মহাত্মা গান্ধীক হত্যাৰ বাবে দায়ী বুলিও তেওঁ অভিযোগ কৰে।