ৰূপহীহাট, ১০ নৱেম্বৰ: ৰূপহীহাটৰ ১নং বৰঘুলীত নিশা ভূমি-বিবাদক কেন্দ্ৰ কৰি একে পৰিয়ালৰ দুটা ফৈদৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, বিবাদমান ভূমিখন দখল কৰিবলৈ উফাইদুল ইছলামৰ পৰিয়ালটো যোৱাত ছফিকুল ইছলামৰ পৰিয়ালে গুণ্ডাবাহিনীক লগত লৈ গুলীচালনা কৰে। প্ৰায় ২০ৰ পৰা ৩০জনীয়া দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলোৱাৰো অভিযোগ উঠিছে।

ঘটনাটোত ৰুস্তম আলী গুলীবিদ্ধ হয়। বৰ্তমান তেওঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আন আহতসকলৰ ভিতৰত ইউছুফ আলী, উফাইদুল ইছলাম, আব্দুল বাৰেক, আতৰ আলী, মফিজুল ইছলাম আৰু ৰছিদুল ইছলাম আছে।

খবৰ পাই চুলুং আৰু উলুৱনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰায়।