ডিগবৈৰ মুলিয়াবাৰী বজাৰ কালী পূজা মণ্ডপত কালী পূজা উপলক্ষে খিচিৰি প্ৰস্তুত কৰি থকা সময়তে অগ্নিকাণ্ড সংঘটিত হয়।

পূজা সমিতিৰ সদস্যসকলে ভক্তপ্ৰাণ ৰাইজৰ বাবে খিচিৰি ৰান্ধি থকাৰ সময়তে হঠাৎ ৰন্ধন গেছৰ পৰা জুই লাগে। মুহূৰ্ততে মণ্ডপত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

অৱশ্যে পূজা সমিতিৰ সদস্যসকলৰ তৎপৰতাত জুই অধিক বিয়পি পৰাৰ পূৰ্বেই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ফলত মণ্ডপটোৰ লগতে মুলিয়াবাৰী বজাৰখন এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে।