ইতিহাসৰ পাতত ১০ নৱেম্বৰ দিনটোৰ এক বিশেষ স্থান আছে। ১৪৮৩ চনৰ আজিৰ দিনটোতে জাৰ্মানীত জন্মগ্ৰহণ কৰিছিল মাৰ্টিন লুথাৰে। পৰৱৰ্তী সময়ত তেওঁৰ চিন্তা, যুক্তি আৰু প্ৰতিবাদে ইউৰোপৰ ধৰ্মীয় জগতত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিছিল। ৰোমান কেথলিক গীৰ্জাৰ কিছুমান প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতি তেওঁ আৰম্ভ কৰিছিল এক নতুন ধৰ্মীয় সংস্কাৰ আন্দোলন, যি ইতিহাসত 'প্ৰটেষ্টেণ্ট সংস্কাৰ আন্দোলন' নামেৰে পৰিচিত।
কোন আছিল মাৰ্টিন লুথাৰ?
১৪৮৩ চনৰ ১০ নৱেম্বৰত জাৰ্মানীৰ আইছলেবেনত জন্মগ্ৰহণ কৰিছিল মাৰ্টিন লুথাৰৰ। সৰুৰে পৰাই পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী লুথাৰৰ পিতৃয়ে তেওঁক এজন আইনজ্ঞ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। সেই অনুসৰি তেওঁ বিশ্ববিদ্যালয়ত আইন অধ্যয়নো আৰম্ভ কৰিছিল।
কিন্তু ১৫০৫ চনত জীৱনৰ এটা বিশেষ ঘটনাই তেওঁৰ চিন্তাধাৰা সলনি কৰি পেলায়। এদিন ভয়ংকৰ ধুমুহাৰ মাজত পৰি মৃত্যুৰ আশংকা কৰা লুথাৰে ধৰ্মীয় জীৱন গ্ৰহণ কৰাৰ প্ৰতিজ্ঞা কৰে। ইয়াৰ পিছতে তেওঁ আইন অধ্যয়ন এৰি সন্ন্যাসী জীৱন আৰম্ভ কৰে।
পৰৱৰ্তী সময়ত তেওঁ ধৰ্মতত্ত্বৰ অধ্যাপক হিচাপে কাম কৰে আৰু বাইবেলৰ গভীৰ অধ্যয়নত মনোনিৱেশ কৰে।
৯৫টা প্ৰশ্নৰে প্ৰচলিত ধৰ্মীয় ব্যৱস্থাক প্ৰত্যাহ্বান
১৬ শতিকাৰ ইউৰোপত ৰোমান কেথলিক গীৰ্জাৰ এক বিশেষ ব্যৱস্থাক লৈ বিতৰ্ক চলি আছিল। এই ব্যৱস্থাৰ অধীনত মানুহে পাপৰ বাবে নিৰ্ধাৰিত শাস্তি হ্ৰাস কৰাৰ উদ্দেশ্যে ধন দি বিশেষ অনুমতি লাভ কৰিব পাৰিছিল। লুথাৰে এই ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছিল।
তেওঁৰ মতে, ধন দি পাপৰ পৰা মুক্তি লাভ কৰিব নোৱাৰি। প্ৰকৃত অনুশোচনা আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসহে ধৰ্মীয় জীৱনৰ মূল আধাৰ হোৱা উচিত।
সেয়েহে ১৫১৭ চনৰ ৩১ অক্টোবৰত তেওঁ ৯৫টা প্ৰশ্ন আৰু যুক্তি সন্নিৱিষ্ট এখন নথি প্ৰকাশ কৰে। এই নথিখন ইতিহাসত '৯৫ থিছিছ' নামেৰে পৰিচিত।
প্ৰচলিত বৰ্ণনা অনুসৰি, তেওঁ জাৰ্মানীৰ উইটেনবাৰ্গৰ এখন গীৰ্জাৰ দুৱাৰত এই নথি আঁৰি দিছিল। তেওঁৰ এই পদক্ষেপে সমগ্ৰ ইউৰোপতে ব্যাপক চৰ্চাৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত এই ঘটনাই প্ৰটেষ্টেণ্ট ধৰ্মীয় সংস্কাৰ আন্দোলনৰ অন্যতম আৰম্ভণি হিচাপে ইতিহাসত স্থান লাভ কৰে।
নিজৰ মতামতত অটল থকাৰ পৰিণতি
লুথাৰৰ মতামতক লৈ ৰোমান কেথলিক গীৰ্জাৰ সৈতে সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছিল। ১৫২১ চনত ৱৰ্মছত অনুষ্ঠিত ৰাজসভাত তেওঁক নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ কোৱা হৈছিল। কিন্তু তেওঁ নিজৰ স্থিতিত অটল থাকে।
ইয়াৰ পিছতে তেওঁক ধৰ্মবিৰোধী বুলি ঘোষণা কৰা হয়। তথাপি তেওঁ নিজৰ চিন্তা আৰু কৰ্ম অব্যাহত ৰাখে। তেওঁৰ সমৰ্থকসকলেও তেওঁক সুৰক্ষা প্ৰদান কৰিছিল।
বাইবেল জাৰ্মান ভাষালৈ অনুবাদ
মাৰ্টিন লুথাৰৰ আন এক উল্লেখযোগ্য অৱদান আছিল বাইবেল জাৰ্মান ভাষালৈ অনুবাদ কৰা। সেই সময়ত সাধাৰণ মানুহৰ বাবে ধৰ্মীয় গ্ৰন্থৰ ভাষা বুজি পোৱাটো সহজ নাছিল। সেয়েহে সাধাৰণ মানুহেও বুজিব পৰাকৈ তেওঁ বাইবেল অনুবাদৰ কাম আৰম্ভ কৰিছিল।
এই অনুবাদে জাৰ্মান ভাষাৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৫৪৬ চনত মৃত্যু, কিন্তু ৰৈ গ'ল ঐতিহাসিক অৱদান
১৫২৫ চনত মাৰ্টিন লুথাৰে কেথেৰিনা ফন বোৰা নামৰ এগৰাকী প্ৰাক্তন সন্ন্যাসিনীক বিয়া কৰায়। তেওঁলোকৰ ছটা সন্তান আছিল।
অৱশেষত ১৫৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত নিজৰ জন্মস্থান আইছলেবেনতে ৬২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
কিন্তু তেওঁৰ চিন্তা আৰু কৰ্মই ইউৰোপৰ ধৰ্মীয় ইতিহাসত গভীৰ প্ৰভাৱ পেলাই যায়। তেওঁৰ আন্দোলনৰ পৰাই পৰৱৰ্তী সময়ত লুথেৰান ধৰ্মসহ বিভিন্ন প্ৰটেষ্টেণ্ট ধৰ্মীয় শাখাৰ বিকাশ ঘটে।
১০ নৱেম্বৰ কিয় স্মৰণীয়?
১৪৮৩ চনৰ ১০ নৱেম্বৰত জন্মগ্ৰহণ কৰা মাৰ্টিন লুথাৰক কেৱল এজন ধৰ্মগুৰু হিচাপেই নহয়, প্ৰচলিত ব্যৱস্থাক প্ৰশ্ন কৰাৰ সাহস দেখুওৱা এজন ঐতিহাসিক ব্যক্তি হিচাপেও স্মৰণ কৰা হয়।
তেওঁৰ জীৱনে দেখুৱাইছিল যে এজন ব্যক্তিৰ চিন্তা, যুক্তি আৰু প্ৰতিবাদেও সমাজৰ বহু পুৰণি ব্যৱস্থাক নতুনকৈ ভাবিবলৈ বাধ্য কৰিব পাৰে। সেইবাবেই ১০ নৱেম্বৰ দিনটো মাৰ্টিন লুথাৰৰ জন্মদিন হিচাপে বিশ্ব ইতিহাসৰ পাতত বিশেষভাৱে স্মৰণীয়।