দিল্লী: কালিন্দী কুঞ্জৰ সমীপত যমুনা নদীত এজন যুৱকে জঁপিয়াই পৰাৰ অভিযোগ উঠিছে। যুৱকজনক নয়ডাৰ বাসিন্দা ২৯ বছৰীয়া ৰঞ্জিত বুলি চিনাক্ত কৰা হৈছে।

দক্ষিণ-পূব জিলাৰ উপ-ডিভিজনেল ৱাৰ্ডেন ৰাজেশ কুমাৰ সিনহাই জনোৱা মতে, পুৱা ৫ বজাত যমুনাত এজন যুৱকে জঁপিয়াই পৰাৰ খবৰ পোৱা যায়।

প্ৰায় ২৬-২৭ বছৰীয়া এজন যুৱকে নদীত জঁপিয়াই পৰিছিল। খবৰ পোৱাৰ লগে লগে সংশ্লিষ্ট সকলো সংস্থাক সতৰ্ক কৰা হয় আৰু উদ্ধাৰকাৰী দল মোতায়েন কৰা হয় বুলি সিনহাই কয়।

যুৱকজনৰ ভায়েকৰ সৈতে কথা পতা হৈছে বুলি জনাই সিনহাই কয় যে, ঘৰতে কোনো সমস্যা হৈছিল নেকি তাক লৈ সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য কোনেও দিয়া নাই।

যুৱকজনৰ মৃতদেহ উদ্ধাৰ নোহোৱালৈকে অনুসন্ধান অব্যাহত থাকিব বুলি উপ-ডিভিজনেল ৱাৰ্ডেনগৰাকীয়ে জনায়।