নতুন দিল্লী, ১০ নৱেম্বৰ: ২০২৬ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দেশৰ ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ নিবনুৱা হাৰ ৫.১ শতাংশলৈ হ্ৰাস পাইছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত এই হাৰ ৫.৪ শতাংশ আছিল।
কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰ্যায়ক্ৰমিক শ্ৰমশক্তি সমীক্ষাৰ ত্ৰৈমাসিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
প্ৰতিবেদন অনুসৰি, গ্ৰামাঞ্চলত নিবনুৱা হাৰ ৪.৮ শতাংশৰ পৰা ৪.৩ শতাংশলৈ হ্ৰাস পোৱাত সামগ্ৰিক হাৰ কমিছে। আনহাতে, নগৰাঞ্চলত নিবনুৱা হাৰ ৬.৭ শতাংশৰ পৰা সামান্য বৃদ্ধি পাই ৬.৮ শতাংশ হৈছে।
১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ শ্ৰমশক্তিত অংশগ্ৰহণৰ হাৰ ৫৪.৬ শতাংশৰ পৰা ৫৫.৫ শতাংশলৈ বৃদ্ধি পাইছে। দেশত কৰ্মৰত লোকৰ অনুপাতো ৫১.৭ শতাংশৰ পৰা ৫২.৭ শতাংশলৈ উঠিছে। গ্ৰামাঞ্চলত এই অনুপাত ৫৪.২ শতাংশৰ পৰা ৫৫.৬ শতাংশলৈ বৃদ্ধি পাইছে যদিও নগৰাঞ্চলত ৪৬.৯ শতাংশতে প্ৰায় স্থিৰ আছে।
কৰ্মৰত অথবা কৰ্মসংস্থাপনৰ সন্ধানত থকা মহিলাৰ অনুপাত ৩৩.২ শতাংশৰ পৰা ৩৪.৭ শতাংশলৈ বৃদ্ধি পাইছে। কৰ্মৰত মহিলাৰ অনুপাতো ৩১.৩ শতাংশৰ পৰা ৩২.৮ শতাংশলৈ উঠিছে।
গ্ৰামাঞ্চলত কৃষিখণ্ডত নিয়োজিত কৰ্মৰত লোকৰ অংশ ৫২.৯ শতাংশৰ পৰা ৫৬.৭ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে স্বনিয়োজিত লোকৰ অংশ ৬১.৪ শতাংশৰ পৰা ৬২.৭ শতাংশলৈ উঠিছে। নগৰাঞ্চলত নিয়মীয়া দৰমহাভিত্তিক কৰ্মসংস্থাপনৰ অংশ সামান্য বৃদ্ধি পাই ৪৯.৬ শতাংশ হৈছে।
মন্ত্ৰালয়ৰ অনুমান অনুসৰি, জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত দেশত ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ গড়ে প্ৰায় ৫৭.৯ কোটি লোক কৰ্মৰত আছিল। ইয়াৰে ৪০.৫ কোটি পুৰুষ আৰু ১৭.৪ কোটি মহিলা।