নতুন দিল্লী, ১০ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনত ‘মাওবাদী মতাদৰ্শৰ সমৰ্থক’ সোমাই পৰা বুলি মন্তব্য কৰাৰ পিছতে তেওঁক মুকলি বিতৰ্কলৈ পুনৰ প্ৰত্যাহ্বান জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ‘কোন দেশবিৰোধী আৰু কোন বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছে’ সেই বিষয়ত যিকোনো সময়ত, যিকোনো স্থানত বিতৰ্ক কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে তেওঁ।

সোমবাৰে সামাজিক মাধ্যম X-ত এটা পোষ্টযোগে ৰাহুল গান্ধীয়ে এই প্ৰত্যাহ্বান জনায়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ক সম্বোধন কৰি তেওঁ কয় যে জোৱানসকলৰ মুখৰ অভিব্যক্তিৰ পৰাই প্ৰধানমন্ত্ৰীৰ বক্তব্যত তেওঁলোকৰ আস্থা নথকাৰ কথা স্পষ্ট হৈছে। প্ৰধানমন্ত্ৰীয়ে বিৰোধী নেতাসকলক নক্সাল বুলি অভিহিত কৰা বুলিও অভিযোগ কৰে ৰাহুলে।

তেওঁৰ পোষ্টত লিখিছে, “মোৰ প্ৰত্যাহ্বান এতিয়াও বাহাল আছে। কোন দেশবিৰোধী আৰু কোন বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছে, সেই বিষয়ে তেওঁ মোৰ সৈতে বিতৰ্ক কৰক। যিকোনো সময়ত, যিকোনো স্থানত।” প্ৰস্তাৱিত বিতৰ্কৰ পিছত প্ৰধানমন্ত্ৰীয়ে কোনো এজন জোৱানৰ সন্মুখীন হ’বলৈও সাহস নকৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উল্লেখ্য যে, দেওবাৰে ছত্তীশগড়ৰ বস্তৰ ভ্ৰমণৰ সময়ত CRPF-ৰ কমাণ্ডো বাহিনী CoBRA-ৰ কৰণপুৰস্থিত অভিযান কেন্দ্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে নক্সালবাদ সন্দৰ্ভত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে বনাঞ্চলৰ পৰা সশস্ত্ৰ নক্সালবাদীক নিৰ্মূল কৰা হৈছে যদিও বিপদ এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই।

মোদীৰ মতে, সশস্ত্ৰ নক্সালবাদীৰ লগতে ‘দিমাগী নক্সাল’ অৰ্থাৎ নক্সালবাদী মানসিকতাৰ লোকেও বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলত প্ৰৱেশ কৰিছে। তেওঁলোকে সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে জনসাধাৰণক উচটনি দিয়াৰ চেষ্টা চলাইছে বুলিও অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে।

ইয়াৰ পূৰ্বেও ৩১ অক্টোবৰত গুজৰাটৰ একতা নগৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে একেধৰণৰ মন্তব্য কৰিছিল। স্বাধীনতা দিৱসৰ ভাষণতো তেওঁ ‘দিমাগী নক্সাল’ৰ বিষয়টো উত্থাপন কৰিছিল।

ইফালে, ৰাহুল গান্ধীৰ পোষ্টৰ প্ৰতিক্ৰিয়াত কংগ্ৰেছ নেতা পৱন খেৰাই কয় যে বিতৰ্ক অনুষ্ঠিত হ’লেহে প্ৰধানমন্ত্ৰীৰ সাহসৰ প্ৰশ্ন আহিব। আনহাতে, কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি ল’বলৈ দীপাৱলীৰ অনুষ্ঠান ব্যৱহাৰ কৰিছে।

কংগ্ৰেছ আৰু বিজেপিৰ মাজত এই বাক্‌যুদ্ধ এনে সময়ত চলিছে, যেতিয়া নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ আৰু ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ বিৰোধী দলসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে।