গুৱাহাটী, ১০ নৱেম্বৰ: ভাৰতীয় স্কুল চাৰ্টিফিকেট পৰীক্ষা পৰিষদে চমুকৈ চিআইএছচিইয়ে ২০২৭ চনৰ ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকেণ্ডাৰী এডুকেশ্যন (আইচিএছই) দশম শ্ৰেণী আৰু ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট (আইএছচি) দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ সূচী ঘোষণা কৰিছে।
দুয়োটা পৰীক্ষাত মুঠ ৩,৭৯,৯৮০ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। আইচিএছই পৰীক্ষাত ৩,১০৬খন সংযুক্ত বিদ্যালয়ৰ ২.৭০ লাখ পৰীক্ষাৰ্থী আৰু আইএছচি পৰীক্ষাত ১,৬৫১খন বিদ্যালয়ৰ ১.১ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব।
আইচিএছই পৰীক্ষা ১৫ ফেব্ৰুৱাৰী, সোমবাৰে ইংৰাজী ভাষা (ইংৰাজী পেপাৰ ১) বিষয়ৰে আৰম্ভ হ'ব। ৩১ মাৰ্চ, বুধবাৰে অৰ্থনীতি, ফৰাচী আৰু সংস্কৃত (গ্ৰুপ ২ ঐচ্ছিক) বিষয়ৰ পৰীক্ষাৰে ই শেষ হ'ব। এই পৰীক্ষাত ৭৬টা বিষয় বা পেপাৰ থাকিব আৰু ভাৰত তথা বিদেশৰ ২,৮৩৫টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। অধিকাংশ পেপাৰ পুৱা ১০.১৫ বজাৰ পৰা আৰম্ভ হ'ব যদিও চিত্ৰকলা বিষয়ৰ পেপাৰসমূহ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব।
আইএছচি পৰীক্ষা ৯ ফেব্ৰুৱাৰী, মঙলবাৰে পৰিৱেশ বিজ্ঞান আৰু পাশ্চাত্য সংগীত (পেপাৰ ১) বিষয়ৰে আৰম্ভ হ'ব। ৮ এপ্ৰিল, বৃহস্পতিবাৰে আইনী অধ্যয়ন বিষয়ৰ পৰীক্ষাৰে ই সামৰণি পৰিব। এই পৰীক্ষাত ৬০টা বিষয় থাকিব আৰু প্ৰতিটো পেপাৰৰ সময়সীমা তিনি ঘণ্টা। অধিকাংশ পেপাৰ দুপৰীয়া ২ বজাৰ পৰা আৰু চিত্ৰকলা বিষয়ৰ পেপাৰসমূহ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব।
আইএছচিৰ ইংৰাজী পেপাৰ ১ ১০ ফেব্ৰুৱাৰীত, ইংৰাজী পেপাৰ ২ ১৫ ফেব্ৰুৱাৰীত আৰু অৰ্থনীতিৰ পৰীক্ষা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। হিন্দী আৰু পঞ্জাবীকে ধৰি ভাষা বিষয়ৰ পেপাৰ ২২ ফেব্ৰুৱাৰীত, ৰসায়ন বিজ্ঞানৰ পেপাৰ ১ ২৪ ফেব্ৰুৱাৰীত, গণিত ১ মাৰ্চত, পদাৰ্থ বিজ্ঞানৰ পেপাৰ ১ ৮ মাৰ্চত আৰু জীৱবিজ্ঞানৰ পেপাৰ ১ ১৫ মাৰ্চত অনুষ্ঠিত হ'ব।