কলকাতা, ১১ নৱেম্বৰ: কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুধবাৰে পুৱা সৃষ্টি হয় নিৰাপত্তাজনিত উদ্বেগ। মুম্বাই অভিমুখী Air India-ৰ এখন বিমান উৰণৰ ঠিক পূৰ্বে অপহৰণৰ ভাবুকি লাভ কৰাত বিমানবন্দৰ কৰ্তৃপক্ষই তৎপৰতা অৱলম্বন কৰে।
প্ৰকাশিত তথ্য অনুসৰি, AI 772 নম্বৰৰ বিমানখন পুৱা ১০.২০ বজাত কলকাতাৰ পৰা মুম্বাইলৈ উৰা মৰাৰ কথা আছিল। উৰণৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিমানখনৰ শৌচাগাৰৰ আইনাত অপহৰণৰ ভাবুকি সম্বলিত এটা বাৰ্তা লিখা থকা দেখা পায় কেবিন ক্ৰুৱে। বাৰ্তাটোত পুৱা ১১.১০ বজাত বিমানখন অপহৰণ কৰা হ’ব বুলি উল্লেখ আছিল।
ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বিমানখনৰ পাইলটে Air Traffic Control (ATC)-ক অৱগত কৰে। ইয়াৰ পাছতে নিৰাপত্তা প্ৰট'কল অনুসৰি বিমানখনক মূল স্থানৰ পৰা আঁতৰাই বিমানবন্দৰৰ নিৰ্দিষ্ট Isolation Bay-লৈ স্থানান্তৰ কৰা হয়।
বিমানখনত থকা যাত্ৰীসকলক নমাই দিয়া হয়। নিৰাপত্তা বাহিনী, অগ্নিনিৰ্বাপক বাহিনী আৰু বোমা নিষ্ক্ৰিয়কৰণৰ সৈতে জড়িত দলক তালাচী অভিযানত নিয়োজিত কৰা হয়। বিমানখনৰ ভিতৰভাগ আৰু আন সন্দেহজনক স্থানসমূহ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হয়।
কলকাতা বিমানবন্দৰৰ সঞ্চালক বিক্ৰম সিঙে জনোৱা মতে, ভাবুকিৰ বাৰ্তাটো বিমানখনৰ শৌচাগাৰত উৰণৰ ঠিক পূৰ্বে উদ্ধাৰ কৰা হৈছিল। ঘটনাটোৰ পাছতে সকলো নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰা হয়।
ইফালে, বাৰ্তাটো কোনে লিখিছিল আৰু ইয়াৰ আঁৰত কোনো প্ৰকৃত অপহৰণৰ পৰিকল্পনা আছিল নে নাই, সেই সন্দৰ্ভত তদন্ত চলি আছে। বৰ্তমানলৈকে ভাবুকিটো প্ৰকৃত আছিল নে ভুৱা, সেয়া নিশ্চিত হোৱা নাই।
উল্লেখ্য যে, বিমানখনৰ নিৰাপত্তা পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে ইয়াক পৃথক স্থানত ৰখাৰ ব্যৱস্থা কৰা হয়।