গুৱাহাটী, ১১ নৱেম্বৰ: উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰক সিং ৰাৱটক কেন্দ্ৰ কৰি ২৩ বছৰ পুৰণি পিতৃত্ব বিতৰ্কই পুনৰ চৰ্চা লাভ কৰিছে। এই ঘটনাত ন্যায়ৰ দাবী উত্থাপন কৰা অসমৰ বাসিন্দা জেনী ওৰফে ইন্দিৰা দেওৰীৰ কাষত থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে জেনীক সাক্ষাৎ কৰাৰ পাছত বুধবাৰে সামাজিক মাধ্যমযোগে তেওঁৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। হৰক সিং ৰাৱটে জেনীৰ সৈতে কৰা বুলি অভিযোগ উঠা আচৰণক গৰিহণা দি ন্যায়ৰ যুঁজত তেওঁ জেনীৰ কাষত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

জেনীয়ে তেওঁৰ ২৩ বছৰীয়া পুত্ৰৰ পিতৃত্ব নিৰ্ধাৰণৰ বাবে নতুনকৈ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইৰ তদন্ত আৰু পুনৰ ডিএনএ পৰীক্ষাৰ দাবী জনাইছে। শেহতীয়াকৈ তেওঁ উত্তৰাখণ্ডৰ দেৰাডুনলৈ গৈ সংবাদমেলত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত ন্যায় প্ৰদানৰ আহ্বান জনায়। দাবীসমূহ পূৰণ নোহোৱালৈকে দেৰাডুনতে থাকিব বুলিও তেওঁ প্ৰকাশ কৰিছে।

জেনীৰ অভিযোগ অনুসৰি, ২০০২ চনত ১৬ বছৰ বয়সত তেওঁ দেৰাডুনত আছিল। সেই সময়ত তেওঁক হৰক সিং ৰাৱটৰ বাসগৃহলৈ লৈ যোৱা হৈছিল আৰু তাত প্ৰায় ডেৰ-দুমাহ থকাৰ পাছত তেওঁ গৰ্ভৱতী হৈছিল। ৰাৱটৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন কৰিছে জেনীয়ে।

পূৰ্বৰ চিবিআই তদন্তৰ প্ৰক্ৰিয়াক লৈও জেনীয়ে প্ৰশ্ন তুলিছে। তদন্তকাৰী বিষয়াসকলে তেওঁৰ বক্তব্য সঠিকভাৱে লিপিবদ্ধ কৰা নাছিল আৰু পুত্ৰৰ ডিএনএ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হোৱা নাছিল বুলি তেওঁৰ অভিযোগ। সেইবাবে নতুনকৈ তদন্ত আৰু ডিএনএ পৰীক্ষাৰ দাবী জনাইছে তেওঁ। ভাবুকি পোৱাৰ অভিযোগ উত্থাপন কৰি নিৰাপত্তাৰ ব্যৱস্থাও বিচাৰিছে জেনীয়ে।

আনহাতে, হৰক সিং ৰাৱটে ধৰ্ষণকে ধৰি জেনীয়ে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰিছে। আদালতৰ তত্ত্বাৱধানত ডিএনএ পৰীক্ষা কৰিবলৈও তেওঁ প্ৰত্যাহ্বান জনাইছে। পূৰ্বৰ তদন্তত ডিএনএ পৰীক্ষাৰ ফলাফলত তেওঁৰ সৈতে শিশুটিৰ কোনো মিল পোৱা নগৈছিল বুলি প্ৰকাশ পাইছিল। সেই তদন্তৰ পাছতে তেওঁক ক্লীন চিট দিয়া হৈছিল।

২০০৩ চনত প্ৰথমবাৰৰ বাবে এই বিতৰ্ক ৰাজহুৱা হৈছিল। সেই সময়ত উত্তৰাখণ্ড বিধানসভাৰ তদন্তৰ পাছত বিষয়টো চিবিআইৰ হাতত অৰ্পণ কৰা হৈছিল। পূৰ্বৰ তদন্তৰ ফলাফলক লৈ এতিয়া জেনীয়ে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে, হৰক সিং ৰাৱটে এই বিতৰ্ক পুনৰ উত্থাপনৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলি অভিযোগ কৰিছে।