গুৱাহাটী, ১১ নৱেম্বৰ: অসমত অৰ্হতাবিহীনভাৱে চিকিৎসা সেৱা আগবঢ়োৱা ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষী আৰু স্বাস্থ্য বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে। শেহতীয়া চাৰি দিনত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা পাঁচজন সন্দেহযুক্ত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।
অসম কাউন্সিল অৱ মেডিকেল ৰেজিষ্ট্ৰেচনৰ অধীনস্থ ভুৱা চিকিৎসকবিৰোধী আৰু সতৰ্কতা কোষে অসম আৰক্ষীৰ সহযোগত এই অভিযান চলাই আহিছে। অৰ্হতাবিহীন চিকিৎসক, ভুৱা প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰি চিকিৎসা কৰা লোক আৰু প্ৰয়োজনীয় বিশেষজ্ঞ অৰ্হতা নথকাকৈ বিশেষজ্ঞ চিকিৎসক হিচাপে সেৱা আগবঢ়োৱা লোকৰ বিৰুদ্ধে কোষটোৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।
২০২৫ চনৰ জানুৱাৰীত গঠন হোৱা এই বিশেষ কোষটোৰ তথ্য অনুসৰি, ২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৬ চনৰ অক্টোবৰলৈকে ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যত ১১৫টা গোচৰ ৰুজু কৰা হৈছে। এই সময়ছোৱাত ৮৯জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৫জন অভিযুক্ত পলাতক হৈ আছে বুলি কোষৰ বিষয়াই প্ৰকাশ কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফাৰ্মাচী, ব্যক্তিগত চিকিৎসা কেন্দ্ৰ আৰু চিকিৎসালয়ত অৰ্হতাবিহীন লোক চিকিৎসক হিচাপে কৰ্মৰত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। একাংশই ভুৱা চিকিৎসা প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰাৰ লগতে আন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিও চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ পোৱা গৈছে।
বিশেষকৈ গ্ৰামাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ লোকসকল এনে ভুৱা চিকিৎসকৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ আশংকা অধিক। প্ৰয়োজনীয় চিকিৎসা অৰ্হতা নথকা লোকৰ পৰা চিকিৎসা গ্ৰহণ কৰিলে ৰোগীৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি গুৰুতৰ বিপদ সৃষ্টি হ’ব পাৰে।
অভিযানৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই চিকিৎসা প্ৰতিষ্ঠানসমূহৰ নথি-পত্ৰ আৰু চিকিৎসকৰ অৰ্হতা পৰীক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ভুৱা চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০২৩ চনৰ পৰা এখন জনস্বাৰ্থজড়িত আবেদন বিচাৰাধীন হৈ আছে। অৰ্হতাবিহীন চিকিৎসা সেৱা বন্ধ কৰা আৰু ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাটো গোচৰখনৰ অন্যতম বিষয়।