মৈৰাবাৰী, ১১ নৱেম্বৰ, ২০২৬:

মদ, ড্ৰাগছ, ভাং, তীৰ-জুৱাকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত সৰৱ হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা। বৃহত্তৰ মৈৰাবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা বুলি অভিযোগ কৰা এনে কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সংগঠনটোৱে প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান কৰিছে।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু সমজিলা আয়ুক্তলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও আৰু হাহচৰা অঞ্চলত মদ, ড্ৰাগছ, ভাং, তীৰ-জুৱা আদিৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।

সংগঠনটোৰ অভিযোগ অনুসৰি, অঞ্চলকেইটাত দীৰ্ঘদিন ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপ চলি আহিছে। ইয়াৰ ফলত বিশেষকৈ যুৱ প্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ লগতে সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা বৃদ্ধি পাইছে।

স্মাৰক-পত্ৰৰ জৰিয়তে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে সংগঠনটোৱে।

ইফালে, এয়া তেওঁলোকৰ ‘শেষ সকীয়নি’ বুলি উল্লেখ কৰি মুছলিম ছাত্ৰ সন্থাই কয় যে প্ৰশাসনে শীঘ্ৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

এতিয়া প্ৰশ্ন হৈছে—সংগঠনটোৰ স্মাৰক-পত্ৰৰ পিছত অঞ্চলটোত অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে?