Newz Now সেৱা, জাগুন, ১২ নৱেম্বৰ:- অসম–অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ৬ মাইল ৰামপুৰস্থিত জাগুন খেলপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ টিৰাপ–জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ শাখা সমিতিৰ সহযোগত ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ অহা ব্ৰেভ হাৰ্ট একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা জিলা পৰ্যায়ৰ গোৰ্খা কাপ ফুটবল প্ৰতিযোগিতা ২০২৬ মঙলবাৰে, ১০ নৱেম্বৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সফলতাৰে সম্পন্ন হয়।


ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ মেজৰ দুৰ্গা মল্লাৰ স্মৃতিত AAGSUৰ তিৰাপ–জাগুন আঞ্চলিক সমিতিয়ে প্ৰতিবছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত শ্বহীদ মেজৰ দুৰ্গা মল্লাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে প্ৰতিযোগিতাৰ একাদশ সংস্কৰণৰ স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।


মহিলা শাখাৰ ফাইনেল খেলখন ডিগবৈ মহিলা এফ চি আৰু ৰামপুৰ ছানছাইন এফ চিৰ মাজত অনুষ্ঠিত হয়। খেলখনত ৰামপুৰ ছানছাইন এফ চিয়ে ২–০ গ’লৰ ব্যৱধানত জয়লাভ কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিজয়ী দলক নগদ ১০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলক নগদ ৫ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়।


আনহাতে, পুৰুষ শাখাৰ ফাইনেল খেলখন লালপাহাৰ এলোৱাৰ্ছ এফ চি আৰু এম জে ষ্ট্ৰাইকাৰ্ছ মাৰ্ঘেৰিটাৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখন পেনাল্টি শ্বুটআউটলৈ গতি কৰে। পেনাল্টি শ্বুটআউটত এম জে ষ্ট্ৰাইকাৰ্ছ মাৰ্ঘেৰিটাই তিনিটা গ’ল কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। বিজয়ী দলক নগদ এক লাখ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়। আনহাতে, ৰানাৰ্ছ আপ লালপাহাৰ এলোৱাৰ্ছ এফ চিক নগদ ৬০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰি সন্মানিত কৰা হয়। সামৰণি অনুষ্ঠানত AAGSUৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নুমল ছেত্ৰী, GDCৰ অধ্যক্ষ প্ৰেম তামাং, AAGSUৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি তথা সম্পাদক, টিৰাপ–জাগুন আঞ্চলিক সমিতিৰ সভাপতি তথা সম্পাদকৰ লগতে বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়া, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট অতিথিসকল উপস্থিত থাকে। যুৱ প্ৰজন্মক ড্ৰাগছ আসক্তি আদি সামাজিক ব্যাধিৰ পৰা আঁতৰাই খেলৰ প্ৰতি আকৰ্ষিত কৰা, স্থানীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু উৎসাহিত কৰা তথা সমাজত ঐক্য, অনুশাসন, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱধাৰা শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি অহা হৈছে। এই প্ৰতিযোগিতাই অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ লগতে যুৱ প্ৰজন্মৰ ইতিবাচক অংশগ্ৰহণকো উৎসাহিত কৰি আহিছে।


প্ৰতিযোগিতাখন সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সমূহ শাখা সমিতি, খেলুৱৈ, সহযোগী অনুষ্ঠান-প্ৰতিষ্ঠান, অতিথি, ক্ৰীড়াপ্ৰেমী দৰ্শক আৰু প্ৰত্যক্ষ তথা পৰোক্ষভাৱে জড়িত সকলোৰে প্ৰতি আয়োজক সমিতিয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।