কৃষকৰ মুখত হাঁহি বিৰিঙোৱাৰ লক্ষ্যৰে মাকুমত আৰম্ভ হ’ল এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ জৰিয়তে কৃষক ৰাইজৰ সৰ্বাংগীন উন্নয়ন তথা প্ৰক্ৰিয়াটোক অধিক গতিশীল কৰাৰ লক্ষ্যৰে আজি তিনিচুকীয়াৰ মাকুম বাইপাছ জিৰ' পইণ্টস্থিত মকুম পি পি চি ত কৃষি বিভাগ উদ্যোগত ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী পিযুষ হাজৰিকাই। এই উপলক্ষে আজি ‘ধান ক্ৰয় নিৰীক্ষণ সমিতিৰ সভা’ তথা ‘ধান ক্ৰয় সম্পৰ্কীয় সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কৃষকসকলৰ কষ্টোপাৰ্জিত উৎপাদিত ধানৰ উচিত মূল্য সুনিশ্চিত কৰাৰ লক্ষ্যৰে এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থন মূল্য চৰকাৰৰ দ্বাৰা ২৬৪০ টকা নিৰ্ধাৰণ কৰা হৈছে। জিলা কৃষি বিষয়া ৰজিত দত্তই আঁত ধৰা অনুষ্ঠাটোত ধান ক্ৰয় প্ৰক্ৰিয়াটো স্বচ্ছ, নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে, সেই সন্দৰ্ভত সভাত বিস্তৃতভাৱে মন্তব্য আগবঢ়াই কৃষি মন্ত্ৰী গৰাকীয়ে। লগতে যি সকল কৃষকে তৈল খেজুৰ খেতি কৰিছে তেওঁলোকক অতি শীঘ্ৰে পানীৰ যোগান ধৰিবলৈ জলসিঞ্চন বিভাগত নিৰ্দেশ দিয়ে । চলিত বৰ্ষতে তিনিচুকীয়া জিলাত যোগান ধৰিব ৩৫ লাখ বিভিন্ন ধৰণৰ ফলমূলৰ পুলি ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ জলসিঞ্চন বিভাগটোত নতুন সংস্কৰণ আনিব বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ।উল্লেখযোগ্য যে, আজিৰ অনুষ্ঠানত জিলাখনত ছটা কৃষক উৎপাদক কোম্পানী ( FPC), কৃষক মহিলা গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ লগত মত বিনিমময় কৰে মন্ত্ৰী গৰাকীয়ে।তাৰোপৰি কৃষকসকলৰ দাবী আৰু প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে, কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰাৰ ক্ষেত্ৰত মধ্যভোগী আৰু দালালৰ হস্তক্ষেপ ৰোধ কৰাৰ ক্ষেত্ৰত মধ্যভোগীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ কথা স্পষ্ট কৰি দিয়ে কৃষি মন্ত্ৰীগৰাকীয়ে।আজি এই অনুষ্ঠানত জিলা আয়ুক্ত সুমিত ছাত্তাৱান, কৃষি বিভাগৰ সঞ্চালক ড° উদয় প্ৰবীণ , ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁই, অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) হিমাদ্ৰী বৰাকে ধৰি কৃষি বিভাগ কৰ্মচাৰী আৰু বহু সংখ্যক কৃষক ৰাইজ উপস্থিত থাকে।