গুৱাহাটী, ১২ নৱেম্বৰ: অসমত হত্যাৰ গোচৰৰ সংখ্যাই উদ্বেগজনক ছবি দাঙি ধৰিছে। ২০২৫ চনত ৰাজ্যখনত মুঠ ৮৫৮টা হত্যাৰ গোচৰ নথিভুক্ত হৈছিল। ইয়াৰ ভিতৰত ৬২টা গোচৰেৰে শীৰ্ষত আছিল গুৱাহাটী মহানগৰ। আনহাতে, ২০২৬ চনৰ জানুৱাৰীৰ পৰা মে’ মাহলৈ মাত্ৰ পাঁচ মাহতে ৰাজ্যত ৩০৯টা হত্যাৰ গোচৰ নথিভুক্ত হৈছে।

২০২৫ চনৰ পৰিসংখ্যা অনুসৰি, গুৱাহাটীৰ পিছতে নগাঁৱত ৬১টা হত্যাৰ গোচৰ ৰুজু হৈছিল। শোণিতপুৰত ৪৪টা, কামৰূপ আৰু শ্ৰীভূমিত ৪০টাকৈ, গোলাঘাটত ৩৬টা আৰু কাছাৰত ৩২টা গোচৰ নথিভুক্ত হৈছিল।

ইফালে, ২০২৬ চনৰ প্ৰথম পাঁচ মাহৰ পৰিসংখ্যাত তিনিচুকীয়া জিলাত সৰ্বাধিক ১৯টা হত্যাৰ গোচৰ ৰুজু হৈছে। কামৰূপত ১৭টা গোচৰ নথিভুক্ত হোৱাৰ বিপৰীতে কাছাৰ, নগাঁও আৰু শোণিতপুৰত ১৫টাকৈ গোচৰ ৰুজু হৈছে। লখিমপুৰত ১৪টা আৰু যোৰহাটত ১৩টা হত্যাৰ গোচৰ নথিভুক্ত হৈছে।

২০২২ৰ পৰা ২০২৪লৈ হ্ৰাস পাইছিল হত্যাৰ গোচৰ

ৰাজ্যত নথিভুক্ত হত্যাৰ গোচৰৰ সংখ্যাই ২০২২ৰ পৰা ২০২৪লৈ ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহিছে। ২০২২ চনত ১,০৭২টা, ২০২৩ চনত ১,০২৫টা আৰু ২০২৪ চনত ৯৩৩টা হত্যাৰ গোচৰ নথিভুক্ত হৈছিল।

২০২২ আৰু ২০২৩ চনতো গুৱাহাটী মহানগৰতে সৰ্বাধিক হত্যাৰ গোচৰ ৰুজু হৈছিল। ২০২২ চনত গুৱাহাটীত ৭৪টা আৰু ২০২৩ চনত ৬৭টা গোচৰ নথিভুক্ত হৈছিল।

কিন্তু ২০২৪ চনত ছবিখন সলনি হয়। সেই বছৰ তিনিচুকীয়া জিলাত সৰ্বাধিক ৬৬টা হত্যাৰ গোচৰ ৰুজু হৈছিল। গুৱাহাটী মহানগৰ আৰু নগাঁৱত ৬৩টাকৈ গোচৰ নথিভুক্ত হৈছিল।

ডিব্ৰুগড়ৰ পৰিসংখ্যা

ডিব্ৰুগড় জিলাতো হত্যাৰ গোচৰৰ সংখ্যা বিগত বছৰকেইটাত উল্লেখযোগ্য আছিল। ২০২২ চনত জিলাখনত ৫৬টা, ২০২৩ চনত ৫৪টা আৰু ২০২৪ চনত ৪৫টা হত্যাৰ গোচৰ নথিভুক্ত হৈছিল।

পাঁচ মাহতে ৩০৯টা গোচৰ

২০২৬ চনৰ জানুৱাৰীৰ পৰা মে’ মাহলৈ পাঁচ মাহতে ৰাজ্যত ৩০৯টা হত্যাৰ গোচৰ নথিভুক্ত হোৱাটোৱে আইন-শৃংখলা আৰু অপৰাধ নিয়ন্ত্ৰণৰ বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।