গুৱাহাটী: ইংলেণ্ড ‘এ’ৰ বিপক্ষে আগন্তুক মেচৰ বাবে ভাৰত ‘এ’ মহিলা দলত স্থান লাভ কৰিছে অসমৰ উইকেটকীপাৰ উমা চেত্ৰীয়ে।
১৯ ডিচেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে উমাক উইকেটকীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে।
ইফালে, ২০২৬-২৭ ছিজনৰ ছিনিয়ৰ মহিলা আন্তঃমণ্ডলীয় টি-২০ ট্ৰফীৰ বাবে পূব মণ্ডলৰ দলতো উমা চেত্ৰীসহ অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। আন দুগৰাকী খেলুৱৈ হৈছে জিণ্টিমণি কলিতা আৰু খুশী শৰ্মা।
আমণ্টিকা মুণ্ডাক সংৰক্ষিত খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। অসম ক্ৰিকেট সন্থাৰ মহিলা নিৰ্বাচন সমিতিৰ অধ্যক্ষা নাজনীন সুলতানা আলী আহমেদে পূব মণ্ডলৰ দলটোৰ দল পৰিচালকৰ দায়িত্ব পালন কৰিব।
আগন্তুক প্ৰতিযোগিতাখন ২৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ গুৱাহাটীৰ এচিএ ষ্টেডিয়াম আৰু উত্তৰ গুৱাহাটীৰ ফুলুঙত অৱস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব।