গুৱাহাটী, ১২ নৱেম্বৰ: মণিপুৰৰ চুৰাচান্দপুৰ জিলাত আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত প্ৰায় ৮০ কিলোগ্ৰাম ওজনৰ ১০ ফুট দীঘল এটা ৰকেট, চীনত নিৰ্মিত চাৰিটা মৰ্টাৰ আৰু ছটা ইম্প্ৰভাইজড এক্সপ্ল'ছিভ ডিভাইচ বা আইইডি উদ্ধাৰ কৰা হৈছে।

১১ নৱেম্বৰত কাংগভাই উপ-বিভাগৰ অন্তৰ্গত পি গেলজাং গাঁৱৰ সমীপৰ বনাঞ্চলত এই অভিযান চলোৱা হয়। গোপন তথ্যৰ ভিত্তিত জিলা আৰক্ষী আৰু সেনাৰ যৌথ দলটোৱে তালাচী চলাই অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰকসমূহ উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে জনাইছে।

উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত ৮২ মিলিমিটাৰ ব্যাসৰ চীনত নিৰ্মিত চাৰিটা মৰ্টাৰ, প্ৰায় ১০ ফুট দীঘল আৰু ৮০ কিলোগ্ৰাম ওজনৰ এটা ৰকেট, ছটা আইইডি আৰু চীনত নিৰ্মিত পাঁচটা গ্ৰেনেড আছে। লগতে এটা চিএমজি, এটা পিষ্টল, দুটা একনলা ৰাইফল, ৮২ মিলিমিটাৰ আৰু ৫১ মিলিমিটাৰ ব্যাসৰ মুঠ ৩০টা মৰ্টাৰ বোমা আৰু ৫.৬ মিলিমিটাৰ ব্যাসৰ পাঁচটা গুলী উদ্ধাৰ কৰা হৈছে।

২০২৩ চনৰ মে' মাহৰ পৰা উপত্যকাভিত্তিক মেইতেই আৰু পাহাৰীয়া কুকি সম্প্ৰদায়ৰ মাজত চলি থকা জাতিগত হিংসাৰ ফলত মণিপুৰত নিৰাপত্তাজনিত উদ্বেগ অব্যাহত আছে। এই সংঘাতত এতিয়ালৈকে কমেও ৩০৬ জন লোকৰ মৃত্যু, ৪৯ জন লোক নিখোজ আৰু হাজাৰ হাজাৰ লোক বাস্তুচ্যুত হৈছে।

শেহতীয়া মাহ কেইটাত কুকি আৰু নাগা সম্প্ৰদায়ৰ মাজতো সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।