গুৱাহাটী, ১২ নৱেম্বৰ: মহানগৰীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক এখন দোকানৰ ভিতৰত আবদ্ধ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে ছুৰিকাঘাত বহিঃৰাজ্যৰ ব্যৱসায়ীৰ ।
ফাঁচীবজাৰস্থিত ‘বম্বে বিউটি বজাৰ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, দিল্লীৰ পৰা অহা বহিৰাগত ব্যৱসায়ীয়ে যুৱকজনক বলপূৰ্বকভাৱে দোকানখনৰ ভিতৰলৈ টানি নিয়ে।
ইয়াৰ পাছত মালিকসহ পাঁচজনীয়া এটা দলে যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে ছুৰিকাঘাত কৰে বুলি অভিযোগ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ফাঁচীবজাৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
খবৰ পোৱাৰ পাছতে পাণবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে আক্ৰমণৰ অভিযোগত অভিযুক্তক কৰায়ত্ত কৰাৰ লগতে গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।