গুৱাহাটী, ১১ নৱেম্বৰ: দীপাৱলীৰ সময়ছোৱাত গুৱাহাটীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাত মহানগৰবাসীৰ মাজত উদ্বেগ সৃষ্টি হৈছে। বিগত বছৰৰ তুলনাত এইবাৰ দীপাৱলীৰ সময়ত বায়ুৰ গুণগত মান সূচক বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে।
২০২৫ চনত দীপাৱলীৰ আগদিনা গুৱাহাটীৰ বায়ুৰ গুণগত মান সূচক আছিল ৫১। কিন্তু ২০২৬ চনত একেদিনাই সূচকটো বৃদ্ধি পাই ৮০ হয়।
একেদৰে, ২০২৫ চনৰ দীপাৱলীৰ দিনা গুৱাহাটীৰ বায়ুৰ গুণগত মান সূচক আছিল ৭৮। এইবাৰ দীপাৱলীৰ দিনা সেয়া বৃদ্ধি পাই ১০৮ হয়। আনহাতে, দীপাৱলীৰ পিছদিনা গুৱাহাটীৰ বায়ুৰ গুণগত মান সূচক ১৪৯ স্পৰ্শ কৰে।
আতচবাজী আৰু ফটকাৰ ব্যৱহাৰৰ ফলত বায়ুত পি এম ২.৫ আৰু পি এম ১০-ৰ দৰে সূক্ষ্ম প্ৰদূষক কণাৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত বিশেষকৈ শিশু, বয়োজ্যেষ্ঠ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা লোকসকলৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা থাকে।
দীপাৱলীৰ সময়ত প্ৰদূষণৰ মাত্ৰা বৃদ্ধিয়ে মহানগৰখনৰ বায়ুৰ গুণগত মানক লৈ নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে। বায়ু আৰু শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে সচেতন মহলে।