লখিমপুৰ, ১৩ নৱেম্বৰ, ২০২৬: লখিমপুৰৰ বগীনদীত ১৩২টা পৰিয়ালক উচ্ছেদ, ৩২০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য। শুকুৰবাৰে পুৱাৰে পৰা লখিমপুৰৰ বগীনদীৰ ১ নং পি জি আৰ ভূমিত চলিছে উচ্ছেদ অভিযান। বগীনদী সাপ্তাহিক বজাৰৰ সমীপৰ এই ভূমিত বসবাস কৰা ১৩২টা পৰিয়ালৰ বাসগৃহত বুলড’জাৰ চলাইছে প্ৰশাসনে।
চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হৈছে এই অভিযান। প্ৰশাসনে মুঠ ৩২০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উচ্ছেদ অভিযানৰ সময়ত বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে ১৩২টা পৰিয়ালৰ ঘৰ-দুৱাৰ।
'বিজেপিয়ে ৰাইজক মিছা কথা কৈ ভোট লৈছে , ভোট নিদিলে উচ্ছেদ কৰিম বুলি কৈ ভোট ল'লে এতিয়া আকৌ উচ্ছেদ কৰি দিছে '। বিজেপিয়ে ৰাইজক মিছা প্ৰতিশ্ৰুতি দিছে।নিৰ্বাচনৰ আগত মিছা প্ৰতিশ্ৰুতি দি ভোট লৈছে বিজেপি চৰকাৰে।
লখিমপুৰৰ বগীনদীত চলা উচ্ছেদ অভিযানক লৈ এইবাৰ উঠিছে বৈষম্যৰ অভিযোগ। উচ্ছেদিত একাংশ লোকৰ দাবী, গাঁওখনত হিন্দু আৰু মুছলমান পৰিয়াল একেলগে বসবাস কৰি আহিছে। কিন্তু উচ্ছেদ অভিযানত এটাও হিন্দু পৰিয়ালক উচ্ছেদ কৰা হোৱা নাই বুলি অভিযোগ কৰিছে তেওঁলোকে।বিজেপি বাছি বাছি কেৱল সংখ্যালঘু ৰাইজকহে উচ্ছেদ কৰিছে বুলি উচ্ছেদস্থলীত কান্দি কান্দি মন্তব্য উচ্ছেদিতৰ।
উচ্ছেদিত লোকসকলৰ অভিযোগ অনুসৰি, বাছি বাছি কেৱল মুছলমান পৰিয়ালসমূহকহে উচ্ছেদ কৰা হৈছে। তেওঁলোকৰ এই অভিযোগে বগীনদীৰ উচ্ছেদ অভিযানক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
ঘৰ-দুৱাৰ হেৰুওৱাৰ পাছতে উচ্ছেদিত পৰিয়ালসমূহৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বহু লোকে চকুলো টুকি নিজৰ দুখ-দুৰ্দশা প্ৰকাশ কৰিছে। এগৰাকী উচ্ছেদিত লোকে কয়, ‘উচ্ছেদ কৰাটো আমি কেতিয়াও নামানো। আমি এইখন অসমতেই থাকিম।’
পুৱাৰে পৰা চলি থকা এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বগীনদীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।