নতুন দিল্লী, ১২ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত আত্মজীৱনীক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে। ২০০৪ চনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ সিদ্ধান্তক লৈ ছোনিয়া গান্ধীক কটাক্ষ কৰি বিজেপিয়ে অভিযোগ কৰিছে যে, প্ৰধানমন্ত্ৰীৰ পদ এৰিও ইউপিএ চৰকাৰৰ সময়ত তেওঁ ‘ছুপাৰ প্ৰধানমন্ত্ৰী’ৰ দৰে ক্ষমতা উপভোগ কৰিছিল।

বুধবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলটোৰ সাংসদ তথা মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰে।

ত্ৰিবেদীয়ে কয়, ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ বিজয়ৰ পাছত ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ কেবিনেট মৰ্যাদাসম্পন্ন ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।

প্ৰধানমন্ত্ৰীৰ পদ এৰি ‘ছুপাৰ প্ৰধানমন্ত্ৰী’ হোৱাটো কেনেধৰণৰ ত্যাগ আছিল, সেয়া বুজিবলৈ কঠিন। কেবিনেট মৰ্যাদা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ পদ এৰি দিয়াৰ এনে উদাহৰণ বিশ্বত বিৰল।

বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰীৰ সাংবিধানিক পদত অধিষ্ঠিত নোহোৱাকৈয়ো ইউপিএ চৰকাৰৰ সময়ত ছোনিয়া গান্ধীৰ যথেষ্ট প্ৰভাৱ আছিল। ১৯৯৯ চনত তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও প্ৰয়োজনীয় সমৰ্থনৰ পত্ৰ লাভ কৰিব পৰা নাছিল বুলিও ত্ৰিবেদীয়ে দাবী কৰে।

ছোনিয়া গান্ধীৰ আত্মজীৱনীত ২০০৪ চনৰ নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ বিষয়েও উল্লেখ কৰা হৈছে। এই গ্ৰন্থক কেন্দ্ৰ কৰিয়েই বিজেপি নেতাসকলে কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৰাজনৈতিক ভূমিকা আৰু ইউপিএ চৰকাৰৰ সময়ত তেওঁৰ প্ৰভাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে।