লক্ষ্ণৌ, ১২ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নতুন ৰাজনৈতিক মিত্ৰজোঁট গঠন কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইছী আৰু আজাদ সমাজ পাৰ্টি (কাংশীৰাম)ৰ সভাপতি তথা নগিনা সমষ্টিৰ সাংসদ চন্দ্ৰশেখৰ আজাদে।

বৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত এখন সংবাদমেলত দুয়োগৰাকী নেতাই মিত্ৰজোঁটৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। নতুন মিত্ৰজোঁটটোৰ নাম ‘সামাজিক পৰিৱৰ্তন মৰ্চা’ ৰখা হৈছে।

ঘোষণা অনুসৰি, চন্দ্ৰশেখৰ আজাদক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপেও প্ৰক্ষেপ কৰা হৈছে।

এই মিত্ৰজোঁটৰ জৰিয়তে ৰাজ্যখনৰ দলিত আৰু সংখ্যালঘু ভোটাৰৰ সমৰ্থন একত্ৰিত কৰাৰ লক্ষ্য লৈছে দুয়োটা দলে। বিজেপি নেতৃত্বাধীন এনডিএ আৰু সমাজবাদী পাৰ্টি-কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী শিবিৰৰ বাহিৰত এক বিকল্প ৰাজনৈতিক শক্তি গঢ়ি তোলাৰ প্ৰচেষ্টা হিচাপেও এই পদক্ষেপক বিবেচনা কৰা হৈছে।

ইয়াৰ পূৰ্বে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে আসন ভাগ-বাটোৱাৰাৰ মিত্ৰজোঁটত অন্তৰ্ভুক্ত হোৱাৰ বাবে অ’ৱেইছীয়ে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু সেই প্ৰচেষ্টা সফল নহ’ল। ইয়াৰ পিছতে এআইএমআইএমে আজাদ সমাজ পাৰ্টিৰ সৈতে মিত্ৰজোঁটৰ দিশে আগবাঢ়ে।

উত্তৰ প্ৰদেশ বিধানসভাত মুঠ ৪০৩খন আসন আছে। নতুন মৰ্চাই কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, আসন ভাগ-বাটোৱাৰাৰ চূড়ান্ত সূত্ৰ কি হ’ব আৰু আন কোনো আঞ্চলিক দলে মৰ্চাখনত যোগদান কৰিব নেকি, সেই সন্দৰ্ভত অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই।

ৰাজনৈতিক মহলৰ মতে, দলিত আৰু সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ থকা সমষ্টিসমূহত নতুন মৰ্চাটোৰ প্ৰভাৱ পৰিব পাৰে।