নতুন দিল্লী, ৯ নৱেম্বৰ: কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছা বাৰ্তাত ‘খুশ্বিয়োঁ কা ঈদ’ শব্দ ব্যৱহাৰক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে। বিজেপিয়ে খৰ্গেৰ মন্তব্যক লৈ আপত্তি তোলাৰ বিপৰীতে কংগ্ৰেছে তেওঁৰ বক্তব্যৰ সমৰ্থন কৰিছে।
দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ সময়ত খৰ্গেই দীপাৱলীক ‘খুশ্বিয়োঁ কা ঈদ’ বুলি অভিহিত কৰিছিল। ইয়াৰ পাছতে বিজেপিয়ে কংগ্ৰেছে ভোটবেংকৰ ৰাজনীতিৰ সৈতে উৎসৱক জড়িত কৰাৰ অভিযোগ তোলে।
বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সহ-ভাৰপ্ৰাপ্ত তথা মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কয় যে, দীপাৱলীৰ দৰে উৎসৱক ‘আনন্দৰ ঈদ’ বুলি অভিহিত কৰাটো কংগ্ৰেছৰ ভোটবেংকৰ ৰাজনীতিৰ নিদৰ্শন। তেওঁ কংগ্ৰেছক সনাতনবিৰোধী বুলিও সমালোচনা কৰে।
বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাই কয় যে, খৰ্গেৰ বক্তব্যক লৈ বিতৰ্ক সৃষ্টিকাৰীসকলে ‘ঈদ’ শব্দটোৰ অৰ্থই বুজি পোৱা নাই। তেওঁৰ মতে, ‘ঈদ’ শব্দৰ আক্ষৰিক অৰ্থ হৈছে উৎসৱ।
দীপাৱলীৰ উৎসৱৰ সময়ত সমালোচকসকলে নিজৰ চিন্তাধাৰাতো অলপ পোহৰ পেলোৱা উচিত বুলি খেৰাই কয়। তেওঁ সমালোচকসকলক ‘অশিক্ষিত’ বুলিও কটাক্ষ কৰে।
আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই প্ৰশ্ন তোলে যে, হিন্দুসকলৰ অন্যতম বৃহৎ উৎসৱ দীপাৱলীক নিজা নামেৰে অভিহিত কৰাত আপত্তি ক’ত। দীপাৱলী আৰু ঈদ দুয়োটাৰে নিজস্ব ধৰ্মীয় তাৎপৰ্য আৰু পৰম্পৰা আছে বুলি উল্লেখ কৰি তেওঁ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেক ঈদক ‘আনন্দৰ দীপাৱলী’ বুলি অভিহিত কৰিবনে বুলি প্ৰশ্ন কৰে।
বিজেপিৰ আন এগৰাকী মুখপাত্ৰ তুহিন সিনহায়ো কংগ্ৰেছক সমালোচনা কৰি কয় যে, মুছলমানসকলে বছৰত দুবাৰ ঈদ পালন কৰে, কিন্তু কংগ্ৰেছে প্ৰতিটো হিন্দু উৎসৱক ‘খুশ্বিয়োঁ কা ঈদ’ বুলি অভিহিত কৰিব বিচাৰে।