নতুন দিল্লী, ১০ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘দিমাগী নক্সাল’ মন্তব্যক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। সশস্ত্ৰ মাওবাদীক নিৰ্মূল কৰাৰ পাছত চৰকাৰৰ পৰৱৰ্তী লক্ষ্য ‘মানসিক নক্সাল’ক নিৰ্মূল কৰা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সামাজিক মাধ্যম এক্সত এক পোষ্টযোগে ৰাহুল গান্ধীক সম্বোধন কৰি ৰিজিজুৱে কয় যে, সশস্ত্ৰ মাওবাদীক নিৰ্মূল কৰাৰ বাবে মোদীক ধন্যবাদ জনোৱা উচিত। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে বাওঁপন্থী উগ্ৰবাদ আৰু নক্সালবাদক দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছিল বুলিও তেওঁ উল্লেখ কৰে।

“পৰৱৰ্তী লক্ষ্য হৈছে দিমাগী নক্সালক নিৰ্মূল কৰা।”

ইয়াৰ পূৰ্বে ছত্তীশগড়ৰ বস্তৰত দীপাৱলী উদযাপনৰ সময়ত নিৰাপত্তাৰক্ষীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ‘দিমাগী নক্সাল’ৰ প্ৰসংগ উত্থাপন কৰিছিল। সশস্ত্ৰ নক্সালবাদীসকলক অৰণ্যৰ পৰা নিৰ্মূল কৰা হৈছে যদিও বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলৰ মাজত মানসিক নক্সালৰ প্ৰভাৱ এতিয়াও আছে বুলি তেওঁ মন্তব্য কৰিছিল।

মোদীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত সোমবাৰে ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বস্তৰৰ দীপাৱলী অনুষ্ঠানত উপস্থিত থকা চি আৰ পি এফৰ জোৱানসকলক উদ্দেশ্যি তেওঁ লিখিছিল যে, তেওঁলোকৰ মুখৰ অভিব্যক্তিয়েই সকলো কথা কৈ দিছিল আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীৰ কথাত বিশ্বাস কৰা নাছিল। লগতে প্ৰধানমন্ত্ৰীক পুনৰ মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান জনাই কোন দেশবিৰোধী আৰু কোন বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত, সেই বিষয়ত আলোচনাৰ আহ্বান জনাইছিল তেওঁ।