ইম্ফল, ১২ নৱেম্বৰ: মণিপুৰৰ কাংপকপি জিলাত সন্দেহযুক্ত দুটা প্ৰতিদ্বন্দ্বী উগ্ৰপন্থী গোটৰ মাজত হোৱা গুলীয়াগুলীত এগৰাকী কুকি মহিলাৰ মৃত্যু হোৱাৰ লগতে এজন পুৰুষ আহত হৈছে।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত কাংপকপি জিলাৰ টাফৌ কুকি গাঁও আৰু কাষৰীয়া সেনাপতি জিলাৰ কেইলেনজাং অঞ্চলৰ মাজত এই গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।

টাফৌ কুকি গাঁৱৰ মহিলাগৰাকী ওচৰৰ পথাৰত কাম কৰি থকা অৱস্থাত গুলীবিদ্ধ হয়। নিহত মহিলাগৰাকীক নেংবৈ চংলো বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ হাতত এখন কাঁচি আছিল বুলি জানিব পৰা গৈছে। পিছত স্থানীয় বাসিন্দা আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

গুলীয়াগুলীৰ ঘটনাত আহত পুৰুষজনক কাংপকপি জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বিষয়ে বিতং তথ্য প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে, যোৱা ২৮ অক্টোবৰত টাফৌ কুকি গাঁৱৰ সমীপৰ পৰা সন্ধানহীন হোৱা দুজন কুকি যুৱকৰ মৃতদেহ ১ নৱেম্বৰত সেনাপতি জিলাত উদ্ধাৰ হৈছিল। সেই ঘটনাৰ পিছতে কাংপকপিত কাংপকপি-ভিত্তিক জনজাতীয় ঐক্য সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

সমিতিখনে টাফৌ কুকি গাঁওখনক বৰ্তমানৰ সেনাপতি জিলাৰ আৰক্ষী থানাৰ পৰিৱৰ্তে কাংপকপি জিলাৰ আৰক্ষী অধিক্ষেত্ৰৰ অধীনলৈ অনাৰ দাবী জনাইছে। মণিপুৰ আৰক্ষীৰ আইন-শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান লহৰি দৰ্জি লহাটুৱে মঙলবাৰে জনাইছিল যে, দুজন যুৱকৰ অপহৰণ আৰু হত্যাৰ গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থালৈ হস্তান্তৰৰ প্ৰস্তাৱ চূড়ান্ত পৰ্যায়ত আছে।

২০২৩ চনৰ মে' মাহৰ পৰা মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা জাতিগত সংঘাতে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিক এতিয়াও প্ৰভাৱিত কৰি আহিছে।