আগৰতলা, ১১ নৱেম্বৰ: ত্ৰিপুৰাৰ পাঁচখন পৌৰ নিকায়ত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৭৭খন আসন লাভ কৰিছে। ২৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ পিছতে ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।
বিজেপিয়ে মোহনপুৰ, কমলপুৰ, জিৰানিয়া, ৰাণীৰবজাৰ আৰু শান্তিৰবজাৰ পৌৰ নিকায়ৰ অন্তৰ্গত এই আসনকেইখন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে।
আগৰতলা পৌৰ নিগমসহ ৰাজ্যখনৰ ২১খন পৌৰ নিকায়ৰ মুঠ ৩৪৫খন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৭ নৱেম্বৰ। মঙলবাৰে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পিছত বাকী ২৬৮খন আসনৰ বাবে ২৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই আসনসমূহৰ বাবে মুঠ ৮১০গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বিজেপিয়ে সৰ্বাধিক ৩৪২গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে, চিপিআই(এম)য়ে ২১৮গৰাকী আৰু কংগ্ৰেছে ২০১গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব। নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ, চিপিআই(এম) আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
ইফালে, আমবাসাত বিৰোধী দলৰ প্ৰাৰ্থীসকলক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে অভিযোগ কৰে যে মঙলবাৰে ভাবুকি, ভয়-ভাবুকি আৰু বাসগৃহত আক্ৰমণৰ পিছত দলটোৰ প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল।
আমবাসা বা ধলাই জিলাৰ আন কোনো স্থানত এনে ঘটনা সংঘটিত হোৱাৰ প্ৰমাণ পোৱা হোৱা নাই বুলি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত পি কে চক্ৰৱৰ্তীয়ে জনায়।
তেওঁ জনায় যে, এই অভিযোগৰ সন্দৰ্ভত আয়োগে ধলাই জিলাৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ পৰা প্ৰতিবেদন বিচাৰিছিল। ২৭ নৱেম্বৰৰ ভোটগ্ৰহণ আৰু ৩ ডিচেম্বৰৰ ভোটগণনাৰ জৰিয়তে ত্ৰিপুৰাৰ পৌৰ নিকায়সমূহৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।