তুৰা, ১২ নৱেম্বৰ: অসম আৰু মেঘালয়ৰ মাজৰ সম্পৰ্ক কেৱল ভৌগোলিক সীমাৰ মাজতে সীমাবদ্ধ নহয়; দুয়োখন ৰাজ্যৰ মাজত ইতিহাস, সংস্কৃতি আৰু আৱেগৰ গভীৰ সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

বৃহস্পতিবাৰে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো হেৰিটেজ ভিলেজত অনুষ্ঠিত গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত ৱাংলা উৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

৫০ সংখ্যক ৱাংলা উৎসৱত প্ৰায় ১,০০০টা ঢোল আৰু ২,০০০ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই উৎসৱে অসম আৰু মেঘালয়ৰ যৌথ ঐতিহ্য উদযাপনৰ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ সুযোগ দিছে।

নতুন প্ৰজন্মই নিজৰ মাতৃভাষা, পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাৰ লগতে আধুনিক শিক্ষা, প্ৰযুক্তি আৰু কৰ্মসংস্থাপনৰ সুযোগ গ্ৰহণ কৰি আগবাঢ়িব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

ৱাংলা উৎসৱক কেৱল সাংস্কৃতিক অনুষ্ঠান বা পৰ্যটকৰ আকৰ্ষণ হিচাপে নাচাবলৈও তেওঁ আহ্বান জনায়। ই খিলঞ্জীয়া জ্ঞান, পৰম্পৰাগত বিশ্বাস আৰু প্ৰকৃতিৰ সৈতে জনগোষ্ঠীসমূহৰ সম্পৰ্কৰ জীৱন্ত প্ৰকাশ বুলি তেওঁ উল্লেখ কৰে।

১৯৭৫ চনত তুৰাৰ চান্দমাৰি খেলপথাৰত মাত্ৰ ১০টা ঢোলেৰে ৱাংলা উৎসৱৰ আৰম্ভণি হৈছিল। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন উইলিয়ামছন এ ছাংমাৰ পৰামৰ্শ অনুসৰি পৰৱৰ্তী সময়ত এই উৎসৱ ১০০টা ঢোলৰ উৎসৱলৈ সম্প্ৰসাৰিত হয়।

‘১০০টা ঢোলৰ উৎসৱ’ নামেৰেও পৰিচিত ৱাংলা গাৰো জনগোষ্ঠীৰ প্ৰধান শস্য চপোৱা উৎসৱ। কৃষিৰ পৰা লাভ কৰা শস্যৰ বাবে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি পৰম্পৰাগত সংগীত, নৃত্য আৰু বিভিন্ন ৰীতি-নীতিৰে এই উৎসৱ পালন কৰা হয়।

১১ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত উৎসৱত মেঘালয়ৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী টিমোথি ডি শ্বিৰা, ৱাংলা উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰোনাল্ড ৰেকমেন ছাংমাককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।