ইটানগৰ, ১২ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ পাৰ্চি পাৰ্লো চহৰত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তিনিটা শিশুসহ এগৰাকী মহিলাৰ মৃত্যু হৈছে। অগ্নিকাণ্ডত কমেও ২৪টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰিছে।

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত জুইৰ সূত্ৰপাত হয়। প্ৰাথমিক সন্দেহ অনুসৰি, এটা পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত ঘটিছিল। পিছত জুই দ্ৰুতগতিত বিয়পি পৰি কেইবাটাও বাসগৃহ গ্ৰাস কৰে। অৱশ্যে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

দুৰ্গম পাৰ্চি পাৰ্লোত নিজা অগ্নিনিৰ্বাপক কেন্দ্ৰ নথকাত জুই নিয়ন্ত্ৰণৰ কামত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ক'লৰিয়াঙৰ পৰা অগ্নিনিৰ্বাপক বাহনৰ ব্যৱস্থা কৰা হৈছিল যদিও বাহনখনৰ বেয়া অৱস্থাৰ বাবে সময়মতে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নগ'ল।

ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে প্ৰাণহানি আৰু পৰিয়ালৰ সদস্য সন্ধানহীন হোৱাৰ খবৰে এই দুৰ্ঘটনাক অধিক হৃদয়বিদাৰক কৰি তুলিছে।

শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময় অতিক্ৰম কৰাৰ শক্তি প্ৰদানৰ বাবে প্ৰাৰ্থনা কৰে পেমা খাণ্ডুৱে।

উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত স্থানীয় প্ৰশাসন, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, জৰুৰীকালীন সেৱাৰ কৰ্মী, স্বেচ্ছাসেৱক আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাৰ শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সকলো সাহায্য আৰু সহযোগিতা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে তেওঁ।

ইফালে, এ এন ৱাই এৰ সভাপতি জামৰু ৰুজাই ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় কৰাৰ উদ্দেশ্যে সাহায্য সামগ্ৰী আৰু অনুদান সংগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে পাৰ্চি পাৰ্লো ভ্ৰমণ কৰি দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াৰ কথা ঘোষণা কৰিছে তেওঁ।